চিকিৎসকক মাৰপিটৰ ঘটনাক আল আমিনা ট্যুৰছ এণ্ড ওমৰাহ হজ্ব ট্ৰেভেলছৰ ধিক্কাৰ

দোষীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰক কঠোৰ শাস্তিৰ দাবী

WhatsApp Image 2021 06 02 at 7.45.06 PM

ক’ভিড-১৯ৰ এই জটিল সময়ত হোজাইৰ উদালি চিকিৎসালয়ত ৰোগীক অতি আন্তৰিকতাৰে সেৱা আগবঢ়াই অহা চিকিৎসক ডাঃ সেউজ সেনাপতিক অতি নিৰ্মমভাৱে একাংশ লোকে মাৰপিট কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰা ঘটনাই ৰাজ্যব্যাপি তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অসম আল আমিনা ট্যুৰছ এণ্ড ওমৰাহ হজ্ব ট্ৰেভেলছেও তীব্ৰ ভাষাৰে গৰিহণা দিছে ।

এই ঘটনাৰ লগত জড়িত লোকসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ট্ৰেভেলছৰ অধ্যক্ষ তথা কলগাছিয়াৰ জ্যেষ্ঠ সাংবাদিক আলহাজ আব্দুল হাইয়ে দাবী জনাইছে । তেওঁ কয় যে, অত্যন্ত দুৰ্ভাগ্যজনক আৰু অসহনীয়ভাৱে মাৰপিট কৰি যি বলিয়ালি প্ৰকাশ কৰিছে সেইসকল আছলতে মানুহ নহয় নৰপিশাচ ৷

ইফালে ঘটনাটোৰ স’তে জড়িত প্ৰতিজন দোষীক তৎপৰতাৰে কঠোৰ শাস্তি বিহি দৃষ্টান্তমূলক পদক্ষেপ ল’বলৈ কলগাছিয়াৰ বিভিন্ন দল-সংগঠনৰ লগতে পি আই নিউজৰ সাংবাদিক আবুল হুছেইন, দৈনিক বাতৰি কাকতৰ সাংবাদিক আবুবক্কাৰ ছিদ্দিক, নিয়মীয়া বাৰ্তাৰ সাংবাদিক মফিদুল ইছলাম, দৈনিক অসম কাকতৰ সাংবাদিক আব্দুৰ ৰহমান, আসাম লাইভৰ সাংবাদিক জাহাংগীৰ আলম, টাইম এইটৰ সাংবাদিক জাভেদ আলী আদি কৰি শিক্ষা সচেতন মহলে অসম আৰক্ষীক মুকলি আহ্বান জনাইছে ।

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ আৰু স্বাস্থ্যমন্ত্ৰীৰ আহ্বানমৰ্মে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে জনগনৰ সুৰক্ষাৰ স্বাৰ্থত ক’ভিডকালীন পৰিৱেশত নিজৰ জীৱনকো তুচ্ছ কৰি অহৰ্নিশে সেৱা আগবঢ়াই আছে । এই মহান চিকিৎসা বৃত্তিৰ স’তে জড়িত প্ৰতিগৰাকী লোকৰ নিৰাপত্তা দিয়াটো প্ৰতিজন নাগৰিকৰ দ্বায়িত্ব ।

ডাঃ সেউজ সেনাপতিৰ দৰে চিকিৎসকক এইদৰে অমানসিকভাৱে প্ৰহাৰ কৰি যি কাপুৰুষৰ পৰিচয় দাঙি ধৰিছে সেইসকল নৰাধম যাতে এজনো সাৰি যাব নোৱাৰে সেয়া নিশ্চত হ’ব লাগে এইক্ষেত্ৰত চিকিৎসকগৰাকীৰ আশু-আৰোগ্য কামনা কৰিছে ট্ৰেভেলছৰ বিষয়ববীয়াসকলে ।

Exit mobile version