চোক্সিক ভাৰতত উভতাই আনিবৰ বাবে দায়িত্ব অৰ্পণ কৰা হৈছে আৰক্ষী মহলৰ ‘লেডী ছিংঘম’ সাৰদাক

navbharat times

মেহুলক চোক্সিক ভাৰতত উভতাই আনিবৰ বাবে আঠজনীয়া সদস্যৰ এটা দল গৈছে ডমিনিকাত । সেই দলক নেতৃত্ব দিছে এগৰাকী মহিলা আইপিএছে । নাম সাৰদা ৰাৱত । মেহুলক দেশত উভতাই আনিবৰ বাবে কেন্দ্ৰ‌ই তেওঁকে দায়িত্ব অৰ্পণ কৰিছে ।

সাৰদাৰ অধীনত ডমিনিকাত চিবিআই আৰু ইডি-ৰ দুজন সদস্য গৈছে । দলটোত চেণ্ট্ৰেল ৰিজাৰ্ভ ফ’ৰ্চৰ দুজন কামাণ্ডোও আছে ।

পিএনবি-ৰ ঋণ জালিয়াতি অভিযোগৰ তদন্তকাৰী দলৰ সদস্য আছিল সাৰদা । ১৩,৫০০ কোটি টকাৰ ঋণ প্ৰতাৰণা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল মেহুলক ।

২০০৫ বেচৰ আইপিএছ সাৰদা । তেওঁ সম্প্ৰতি চিবিআই-ৰ বেংক প্ৰতাৰণা তদন্ত বিভাগৰ প্ৰধান । মাত্ৰ ১৬ বছৰ বয়সতে মহাৰাষ্ট্ৰৰ আৰক্ষী মহল আৰু চিবিআই-ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় সাৰদাই ।

কৰ্মক্ষেত্ৰত য’তেই থাকে তাতেই প্ৰশংসাৰ পাত্ৰী হয় সাৰদা । তেওঁৰ স’তে কাম কৰা প্ৰত্যেকেই মানে যে তেওঁৰ কামৰ ধৰণ একেবাৰে পৃথক ।

মহাৰাষ্ট্ৰ আৰক্ষী মহলত সাৰদা বাস্তৱৰ ‘ছিংঘম’ হিচাপে পৰিচিত । মহাৰাষ্ট্ৰ আৰক্ষী মহলত তেওঁক লৈ প্ৰচলিত যে, সাৰদাই যেতিয়াই য’তে যায়, হয় অপৰাধীয়ে অপৰাধ কৰা বন্ধ কৰে, নহয় অঞ্চল ত্যাগ কৰি পলায়ন কৰে ।

মহাৰাষ্ট্ৰৰ পালঘৰ, মুম্বাই, নাগপুৰ, মীৰা ৰোড, কোলাপুৰ আৰু নন্দুৰবাৰত মোতায়েন আছিল তেওঁ । এটি সন্তানৰ মাতৃ সাৰদাৰ জন্ম মহাৰাষ্ট্ৰৰ নাছিকত ।

মহিলাৰ অধিকাৰক লৈ বহু অনুস্থানত উপস্থিত থকা দেখা যায় সাৰদাক । সাৰদাই মেহুলক দেশত উভতাই আনিলে এইটো তেওঁৰ কেৰিয়াৰৰ এটা উল্লেখযোগ্য মাইলফলক হ’ব ।

Exit mobile version