সদৌ কোচ ৰাজবংশী সম্মিলনীৰ মুখ্য উপদেষ্টা শ্ৰদ্ধাৰ বিপিন বৰ্মনৰ মৃত্যুত গভীৰ শোকপ্রকাশ আক্রাছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সুনাধৰ ৰায়ৰ

WhatsApp Image 2021 06 02 at 7.07.12 PM

বিশিষ্ট লেখক, সাহ্যিতিক, কবি, নিবন্ধকাৰ, সমালোচক, সমাজ সেৱক আৰু সদৌ কোচ ৰাজবংশী সম্মিলনীৰ মুখ্য উপদেষ্টা শ্ৰদ্ধাৰ বিপিন বৰ্মনে কালি কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে । আক্রাছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সুনাধৰ ৰায়ে তেওঁৰ আত্মাৰ চিৰ শান্তি কামনা কৰি পৰিয়াল বৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰে ।

সুনাধৰে কয় যে, মুখ্য উপদেষ্টাগৰাকীৰ এই অকাল বিয়োগ কোচৰাজবংশী জনগোষ্ঠীটোৰ বাবে এক মোক্ষম আঘাত। তেওঁৰ লিখনিয়ে জাতিটোক সাহিত্য আৰু ভাষাৰ উত্তৰোণৰ ক্ষেত্ৰত বহু দূৰ আগুৱাই লৈ গ’ল। প্ৰকৃতাৰ্থত আজিৰ এই সংকটপূৰ্ণ সময়ত আমি জনগোষ্ঠীটোৱে এজন মহান ব্যক্তিক হৰুৱালো।

জাতিয় জীৱনলৈ আগবঢ়োৱা তেওঁৰ এই অৰিহণাৰ লগতে কৰ্মৰাজি আমি কোচ ৰাজবংশী জাতিটোৱে আৰু সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা সদায় ঋণী হৈ থাকিব বুলিও সদৰী কৰে আক্রাছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকজনে ।

Exit mobile version