উফিৰ সমস্যাত ভুগিছে নেকি ? কেনেকৈ পৰিত্ৰাণ পাব ইয়াৰ পৰা ?

সাধাৰণতে হোৱা কম পৰিমাণৰ উফি ঘৰতে সহজে উপলব্ধ প্ৰাকৃতিক দ্ৰব্য ব্যৱহাৰ কৰি নাইকিয়া কৰিব পৰা যায়। ঘৰতে উপলব্ধ বস্তুৰে সহজতে তৈয়াৰ কৰিব পৰা উফিৰ কেইটামান সমাধান

১) ভাৰ্জিন নাৰিকল তেল আৰু নেমুৰ ৰস

ভাৰ্জিন নাৰিকল তেলে ছালত ইনফেক্টচন হোৱাত বাধা দিয়াৰ লগতে উফিৰ ফলত হোৱা খজুৱতি, চিৎচিতনি উপশম কৰে।ই ছালত পানীৰ পৰিমাণ বৃদ্ধি কৰি ছাল সজীৱ কৰাটো সহায় কৰে। ইয়াক সহজে ঘৰতে তৈয়াৰ কৰিব পাৰি।

★তিনি চামুচ ভাৰ্জিন নাৰিকল তেল গৰম কৰি এক চামুচ নেমুৰ ৰসৰ লগত ভালকৈ মিহলাই ল’ব।

★এতিয়া মিশ্রণটো মূৰৰ তালুত আৰু চুলিত মালিচ কৰি লগাই এটা পলিথিনেৰে চুলিখিনি ভালকৈ ঢাকি পিন্ধি থাকিব।

★ আধা ঘন্টা পাছত ছালফেট নথকা শ্বেম্পুৰে ধুই দিব। উফিৰ সমস্যাৰ বাবে ছালফেট থকা শ্বেম্পু একেবাৰে বেয়া। এনে শ্বেম্পু এৰাই চলিব।

২) তুলসী, জেতুকা, কমলাৰ বাকলি আৰু গ্লিচাৰিন

★কমলাৰ বাকলিৰ গুৰি তিনি চামুচ। শুকান বাকলিৰ গুৰি নাথাকিলে ,এটা কমলাৰ বাকলি গুচাই ল’ব।

★এতিয়া তাত এক কাপ তুলসীৰ পাত আৰু এক কাপ জেতুকাৰ পাত দি মিক্সিত ভালকৈ গুৰি কৰি পেষ্ট বনাই ল’ব।

★ এতিয়া তাত এক চামুচ গ্লিচাৰিন ভালকৈ মিহলাই মূৰৰ তালু আৰু চুলিত লগাই আধা ঘন্টা ৰাখি ধুই দিব।ভাল ফলাফলৰ বাবে নিয়মিত ব্যৱহাৰ কৰিব।তেলেটীয়া চুলিৰ অধিকাৰী সকলে গ্লিচাৰিনৰ পৰিবৰ্তে এমচামুচ নেমুৰ ৰস ব্যৱহাৰ কৰিব৷

৩)ভিনেগাৰ আৰু ৰ’জমেৰী তেল / টি ট্ৰী তেল

★ আধা কাপ ভিনেগাৰত এক কাপ পানী মিহলাই লৈ অলপ গৰম কৰিব।

★কুহুমীয়া গৰম হ’লে জুইৰ পৰা নমাই তাত ৯-১০ টুপাল ৰ’জমেৰী তেল / টি ট্ৰী তেল দি ভালকৈ মিহলাই ল’ব।

★ এতিয়া মিশ্রণ খিনি মূৰত ঢালি তালুত ভালকৈ লগাই ১০ মিনিট ৰাখি শ্বেম্পু কৰি ধুই দিব।

৪) ঔ টেঙাৰ বীজ আৰু মেথি গুটি:

★আধা কাপ মেথিগুটি আগদিনা পানীত ভিজাই ৰাখিব।

★ এটা ঔ টেঙা গুচাই ভিতৰৰ বীজটো উলিয়াই আগদিনা ভিজাই ৰখা মেথি খিনিৰ লগত মিক্সিত অথবা পতাত বটি পেষ্ট বনাই ল’ব।

★ এতিয়া তাত এক চামুচ নাৰিকল অথবা অলিভ তেল অলপ গৰম কৰি ভালকৈ মিহলাই লৈ মিশ্রণ খিনি মূৰৰ তালুত আৰু চুলিত ভালকৈ লগাব।

★ লগাই হ’লে এটা পলিথিনেৰে চুলি খিনি ভালকৈ ঢাকি পিন্ধি থাকিব।

★ ৩০-৪০ মিনিট পিছত শ্বেম্পু কৰি ধুই দিব।

Exit mobile version