গাঁৱত চিকিৎসকক দেখি ড্ৰামৰ পাছফালে লোকাল বৃদ্ধা ! ভাইৰেল যোগী ৰাজ্যৰ এই ঘটনা

woman

দেশৰ গ্ৰামাঞ্চলৰ একাংশৰ মাজত প্ৰতিষেধকক লৈ ভীতি ক্ৰমে বৃদ্ধি পাইছে । প্ৰতিষেধক সন্দৰ্ভত চৰকাৰৰ সচেতনতামূলক নানান পদক্ষেপৰ পাছতো বহুতেই ভুৱা বাতৰিৰ বলি হৈছে । ফলত গ্ৰামাঞ্চলৰ এই লোকসকল প্ৰতিষেধক লোৱাৰ পৰা বিৰত হৈ থাকে । উত্তৰপ্ৰদেশৰ ঠিক একেইধৰণৰে এটা ঘটনা সম্প্ৰতি সামাজিক মাধ্যমত ‌দেখা গৈছে ।

মংগলবাৰে ইটাৱাহ জিলাৰ গ্ৰামাঞ্চলত প্ৰতিষেধক সন্দৰ্ভত সচেতনতামূলক প্ৰচাৰ চলাইছিল স্বাস্থ্য বিভাগে । ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছিল চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে । লগত আছিল বিজেপি বিধায়িকা সৰিতা ভাদৌৰিয়া । তেওঁলোকে চন্দনপুৰ গাঁৱত প্ৰচাৰ চলাই আছিল ।

গাঁৱত চিকিৎসক, স্বাস্থ্যকৰ্মী অহাৰ খবৰ পূৰ্বেই প্ৰচাৰ হৈ পৰিছিল । চিকিৎসকসকলে যেতিয়া হৰি দেৱী নামে অশীতিপৰ এগৰাকী বৃদ্ধাৰ ঘৰত যায়, তেওঁ দেখা মাত্ৰকে ঘৰৰ ভিতৰত সোমাই এটা ডাঙৰ ড্ৰামৰ পাছফালে লোকাই পৰে ।

এজন চিকিৎসকে মাত লগায়, ‘আম্মা ক’ত আছে ? প্ৰতিষেধক দিয়া লোকজন আহিছে !’ কিন্তু হৰি দেৱীয়ে কোনো কাৰণতে ড্ৰামৰ পাছফালৰ পৰা ওলাই আহিবলৈ মান্তি নহয় । বিষয়টো গম্ভীৰ হোৱাত পুনৰ চিকিৎসকসকলে বৃদ্ধাগৰাকীক কয়, ‘বিধায়িকা আহিছে আপোনাক লগ কৰিব । ইঞ্জেকচন দিবলৈ অহা নাই । কেৱল কথা পাতিব আহিছে । অন্ততঃ বিধায়িকাই কি ক’ব বাচাৰিছে সেইটো শুনক ।’ অৱশেষত বৃদ্ধাগৰাকী ড্ৰামৰ পাছফালৰ পৰা ওলাই আহে ।

বিধায়িকাগৰাকীয়ে এই বিষয়ত কয়, ‘গাঁৱত এতিয়াও কিছুসংখ্যক লোক প্ৰতিষেধকক লৈ শংকিত হৈ আছে । আমি সকলোৱে তেওঁলোকক উৎসাহ দিবলৈ আৰু ভয় নাখাবলৈ ক’বৰ বাবে ওলাই আহিছো । বৃদ্ধাগৰাকীয়ে আমাক দেখিয়ে ভয়ত পলায় যায় ।’

বিধায়িকাগৰাকীয়ে লগতে জনায় যে, বৃদ্ধাগৰাকীয়ে কয়, তেওঁক কোৱা হৈছে হেনো প্ৰতিষেধক লোৱাৰ পাছত অত্যন্ত জ্বৰ হয় আৰু দুৰ্ঘটনা ঘটে । সেয়ে তেওঁ প্ৰতিষেধক ল’ব নিবিচাৰে ।

Exit mobile version