বিশিষ্ট সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ শোক প্ৰকাশ

Lakshmi Nandan Bora 647x363 1

বিশিষ্ট সাহিত্যিক, অসম সাহিত্যসভাৰ প্ৰাক্তন সভাপতি ডঃ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ হৈ গভীৰ শোক প্ৰকাশ কৰিছে সভাপতি ৰিপুণ বৰা আৰু তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয়, “ডঃ লক্ষ্মীনন্দন বৰাদেৱ আছিল এগৰাকী আজন্ম প্ৰতিভাধৰ সাহিত্যিক । অভিনৱ বিষয়বস্তু আৰু অপূৰ্ব কথন শৈলীৰে অসমীয়া সাহিত্যক অনন্য মাত্ৰা প্ৰদান কৰা ডঃ লক্ষ্মীনন্দন বৰাৰ মৃত্যু সাহিত্য জগতৰ লগতে অসমৰ সমাজ জীৱনৰ বাবেও এক অপূৰণীয় ক্ষতি ।”

তেওঁ লগতে কয়, “প্ৰখ্যাত কথা সাহিত্যিকগৰাকীৰ মৃত্যুৰ লগে লগে এটা যুগৰ অৱসান ঘটিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ হৈ প্ৰিয় সাহিত্যিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছো আৰু তেওঁৰ শোক সন্তপ্ত পৰিয়ালটিক গভীৰ সমবেদনা জ্ঞাপন কৰিছো ।”

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক সিঙে, ডঃ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে আৰু বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুয়ে অসমৰ সমাজ জীৱনত যি শূণ্যতাৰ সৃষ্টি কৰিলে সেয়া অপূৰণীয় বুলি উল্লেখ কৰে ।

Exit mobile version