বিবাহ বাৰ্ষিকীত ফটো ছেয়াৰ কৰিলে অমিতাভ বচ্চনে

f84e394570ed1096659464a4f133f292

বৃহস্পতিবাৰে অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ ৪৮তম বিবাহ বাৰ্ষিকী । ১৯৭৩ চনৰ বৃহস্পতিবাৰ দিনটোতে তেওঁলোক বিবাহপাশত আবদ্ধ হৈছিল।

৪৮ বছৰত তেওঁলোকৰ জীৱন বহুত সলনি হৈছে। কাম, বিভিন্ন বিতৰ্ক, দুটা সন্তানৰ আগমন, সিহঁত ডাঙৰ হোৱা। তাৰ লগতে বহুতো দায়িত্ব। দুয়োয়ে এই সকলোবোৰ সময় পাৰ কৰি আহিছে। কিন্তু এই বিশেষ দিনটোত, পুনৰ স্মৃতিপৃষ্ঠা ওলোটালে অমিতাভে ।

অভিনেতাগৰাকীয়ে তেওঁৰ পত্নীৰ প্ৰতি থকা মৰম ভাল পোৱা জনাই ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰিলে । বিয়াৰ দিনৰ দুখন ছবিৰ এটা ক’লাজ। অমিতাভে বিয়াৰ দিনা বগা শ্বেৰৱানী পিন্ধিছিল। কইনা জয়াই ৰঙা শাৰী আৰু মিলা গহনা পিন্ধিছিল।

অগ্নি সাক্ষী কৰি প্ৰেমিকৰ স’তে নতুন অধ্যায়ৰ আৰম্ভণিৰ মুহূৰ্তটো আকৌ এবাৰ জীৱিত হৈ উঠিল সামাজিক মাধ্যমত। ছবিখনৰ স’তে অমিতাভে লিখিছিল, ‘জুন ৩, ১৯৭৩। আমাৰ বিবাহ বাৰ্ষিকীত আমাক শুভেচ্ছা জনোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ’।

অনুৰাগীসকলৰ লগতে এই বিশেষ দিনটোত তাৰকা দম্পতিক ভাল পোৱা আৰু শুভেচ্ছা জ্ঞাপন কৰিছে ৰিতেশ দেশমুখ, ভূমি পেডনেকাৰ আৰু শিল্পা চেট্টীৰ দৰে তাৰকা সমূহে।

Exit mobile version