বিশ্বজুৰি কৰ’নাৰ ব্যাপক সংক্রমণৰ বাবে আকৌ এবাৰ চীনক জগৰীয়া কৰিলে আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পে। উল্লেখ্য যে নিজৰ শাসনকালতাে ট্রাম্পে চীনৰ উহানৰ পৰাই ক’ভিড-১৯ৰ সংক্রমণ ঘটা বুলি একাধিকবাৰ দাবী কৰিছিল।
এক বিবৃতিত পুনৰ চীনৰ পৰাই ক’ভিডৰ বিশ্বজুৰি সংক্রমণ হােৱা বুলি অভিযােগ কৰি ট্রাম্পে চীনৰ পৰা ১০ ত্রিলিয়ন মার্কিন ডলাৰৰ ক্ষতিপূৰণৰ দাবী জনালে। বিবৃতিত আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতিজনে কয়, ‘এতিয়া প্রত্যেকে বিশেষকৈ শত্রুয়েও কৈছে যে চীনৰ উহানৰ গৱেষণাগাৰৰ পৰাই কৰ’না বিয়পি পৰিছিল।
অর্থাৎ ৰাষ্ট্রপতি ট্রাম্পে ঠিকেই কৈছিল। চীনে আমেৰিকা আৰু বিশ্বক ইমান ক্ষতি কৰাৰ বাবে ১০ ত্রিলিয়ন ডলাৰৰ ক্ষতিপূৰণ দিয়া উচিত।