ক’ৰনা কালত বেতন লােৱা নাই আম্বানীয়ে, কিন্তু কিয় ?

6ba19ee8 dd74 11ea b05f 94bae0f2eafb 1597369760313 1597369792569

বিগত আর্থিক বৰ্ষত এবাৰ বেতন গ্রহণ নকৰিলে ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ মুৰব্বী মুকেশ আম্বানীয়ে। বেতনৰ সমগ্ৰ ধনৰাশি আম্বানীয়ে কৰ’নাৰ যুঁজলৈ দান হিচাপে আগবঢ়াইছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বৰ ২০১৯-২০ বিত্তীয় বৰ্ষত আম্বানীয়ে কিয় ১৫ কোটি টকাৰ বেতনৰাশি সম্পূৰ্ণৰূপে গ্রহণ কৰিছিল। বিগত ১২ বছৰ ধৰি আম্বানীয়ে এই পৰিমাণৰ বেতন গ্রহণ কৰি আহিছে।

২০০৯ৰ পৰা আম্বানীৰ বেতনৰ নিৰিখ হ্রাস-বৃদ্ধি। হােৱা নাই। ৰিলায়েন্সৰ বার্ষিক প্রতিবেদনত উল্লেখ কৰা মতে, ১২ বছৰ ধৰি বেতনৰ পৰিমাণ অপৰিৱৰ্তিত ৰাখি এক নজিৰ গঢ়িব বিচাৰিছে এছিয়াৰ ধনাঢ্য ব্যক্তিজনে।

কৰ’না কালত আম্বানীয়ে তেওঁৰ বেতন সম্পূৰ্ণৰূপে স্বেচ্ছাই দান হিচাপে আগবঢ়াইছে। এইদৰে বেতন দান কৰাৰ পাছতাে বিগত এসপ্তাহত আম্বানীৰ সম্পত্তিৰ পৰিমাণ ৫২,৬২১ কোটি টকা বৃদ্ধি পালে। বর্তমানে বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত ১২ সংখ্যক স্থানত আছে আম্বানী।

Exit mobile version