ডেল্টা প্ৰজাতি ৰোধ কৰিবৰ বাবে হ্ৰাস কৰিব লাগিব প্ৰতিষেধকৰ মাজৰ ব্যৱধান, লেনছেটৰ সমীক্ষা

20210603 DLI SKH MN Drive in Vaccination 0005 1 1622758062638 1622758075277

কৰ’না ভাইৰাছৰ ডেল্টা প্ৰজাতিৰ বিৰুদ্ধে এণ্টিব’ডি প্ৰস্তুত কৰিবলৈ হ’লে দুটা প্ৰতিষেধকৰ মাজত ব্যৱধান হ্ৰাস কৰিব লাগিব । এই ৰিপ’ৰ্ট পোৱা গৈছে লেনচেট জাৰ্জেলেৰ সমীক্ষাত । ভাৰতত অতিমাৰীৰ দ্বিতীয় ঢৌৰ অন্যতম কাৰণ হৈছে কৰ’না ভাইৰাছৰ এই ডেল্টা প্ৰজাতি । সমীক্ষা অনুযায়ী, কৰ’না ভাইৰাছৰ আদি প্ৰজাতিৰ বিৰুদ্ধে ফাইজাৰৰ প্ৰতিষেধক যিমান কাৰ্যকৰী, কৰ’নাৰ ডেল্টা প্ৰজাতিৰ বিৰুদ্ধে যুঁজত সিমান কাৰ্যকৰী নহয় ।

এই সমীক্ষাত পোৱা গৈছে যে, কেৱল প্ৰথম প্ৰতিষেধক লোৱাসকলৰ শৰীৰত ডেল্টা প্ৰজাতিৰ বিৰুদ্ধে এণ্টিবডিৰ প্ৰতিক্ৰিয়া বহুত কম । দুটা প্ৰতিষেধক গ্ৰহণ কৰাৰ ক্ষেত্ৰত বেছি ব্যৱধান হ’লেও এণ্টিবডিৰ প্ৰতিক্ৰিয়া উল্লেখযোগ্যভাৱে কমি যায় । প্ৰতিষেধক গ্ৰহণ কৰিলে ক’ভিড আক্ৰান্ত হ’লেও হাস্পতালত ভৰ্তিৰ হাৰ বহু পৰিমাণে কমি যায় বুলিও কোৱা হৈছে ৰিপ’ৰ্টত ।

লেনছেটৰ গৱেষণা অনুসৰি, ফাইজাৰৰ প্ৰথম প্ৰতিষেধকে কৰ’নাৰ আদি প্ৰজাতিৰ বিৰুদ্ধে ৭৯ শতাংশ কাৰ্যকৰী । আলফা প্ৰজাতিৰ বিৰুদ্ধে ৫০ শতাংশ । এই এণ্টিবডিৰ প্ৰতিক্ৰিয়া ডেল্টা প্ৰজাতিৰ বিৰুদ্ধে আৰু কম ৩২ শতাংশ । আফ্ৰিকাত সন্ধান পোৱা বিটা প্ৰজাতিৰ বিৰুদ্ধে মাত্ৰ ২৫ শতাংশ কাৰ্যকৰী ।

কৰ’নাৰ নতুন প্ৰজাতিসমূহক ৰোধ কৰাৰ বিষয়ত সংক্ৰামক ৰোগ বিশেষজ্ঞ এমা ৱালে কয়, ‘আমাৰ সমীক্ষাৰ ফলাফল অনুযায়ী, নতুন প্ৰজাতিৰ বিৰুদ্ধে যুঁজত দ্বিতীয় প্ৰতিষেধক শীঘ্ৰে দিব লাগিব । তুলনামূলকভাৱে ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকাসকলক বুষ্টাৰ প্ৰদান কৰিব লাগিব ।’

এই সমীক্ষাই ভাৰত চৰকাৰৰ টিকাকৰণ নীতিত প্ৰশ্ন উত্থাপন কৰিছে । ডেল্টা ভাইৰাছৰ প্ৰভাৱ আটাইতকৈ বেছি ভাৰততে । কিন্তু সম্প্ৰতি ক’ভিশ্বিল্ডৰ দুটা প্ৰতিষেধকৰ মাজৰ ব্যৱধান বৃদ্ধি কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে । ছয়-আঠ সপ্তাহৰ পৰা বৃদ্ধি কৰি এই ব্যৱধান কৰা হৈছে ১২-১৬ সপ্তাহ ।

ইয়াকে লৈ বিস্তৰ বিতৰ্ক‌ও হৈছে । বিৰোধীসকলৰ অভিযোগ, প্ৰতিষেধকৰ নাটনি পূৰণ কৰিবৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই । লেনচেটৰ এই সমীক্ষাই দুটা প্ৰতিষেধকৰ মাজৰ ব্যৱধানত প্ৰশ্ন উত্থাপন কৰিছে ।

Exit mobile version