বন্ধন বেংকৰ কোন্নগৰ সংস্থাৰ সাপটগ্ৰাম শাখাৰ উদ্যোগত আৰ্থিক স্বাক্ষৰতা কৰ্মসূচী, ক’ভিড-১৯ৰ বাবে জনসজাগতা

WhatsApp Image 2021 06 05 at 8.15.45 PM

কৰ’না ভাইৰাছৰ ফলত সমগ্ৰ দেশতে ইতিমধ্যে বহু লোকৰ মৃত্যু হৈছে । অসমো ইয়াৰ ব্যতিক্রম নহয় । কৰ’নাৰ বিৰুদ্ধে যুঁজ দিবলৈ ৰাজ্যখনৰ স্বাস্থ্য বিভাগকে আদি কৰি প্ৰশাসন, চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে ৰাইজৰ মাজত সজাগতাৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰিছে ।

তাৰ সমান্তৰালকৈ বন্ধন বেংকৰ বন্ধন কোন্নগৰ সংস্থাৰ সাপটগ্ৰাম শাখাৰ উদ্যোগত বন্ধন আৰ্থিক স্বাক্ষৰতা কৰ্মসূচী । ক’ভিড-১৯ৰ বাবে ৰাইজক সজাগ কৰিবলৈ সাপটগ্ৰামৰ বিভিন্ন অঞ্চলত মাইকযোগে প্ৰচাৰ চলায় লগতে ৰাইজক মাস্ক বিতৰণ কৰে ।

উল্লেখ্য যে বন্ধন কোন্নগৰ সংস্থাই ইতিমধ্যে বহু দৰিদ্ৰ মহিলাকে আদি কৰি আৰ্থিকভাৱে দুৰ্বল লোকক সহায় কৰি নিজকে স্বাৱলম্বী কৰাৰ গুৰূত্বপূর্ণ ভূমিকা পালন কৰি আহিছে ।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে বন্ধন কোন্নগৰ সংস্থাৰ সাপটগ্ৰাম শাখাৰ ক্ষেত্র সমন্বয়ক কল্যাণ কুমাৰ সেন আৰু শাখা প্ৰবন্ধক পূৰবী বৰ্মন লগতে বন্ধন কোন্নগৰ সংস্থাৰ সাপটগ্ৰাম শাখাৰ বিভিন্ন কৰ্মকৰ্তাসকল ।

কল্যাণে সংবাদমাধ্যমৰ আগত কয় যে, ক’ভিড-১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজ সজাগ হওক, মাস্ক পৰিধান কৰক আৰু সামাজিক দূৰত্ব অটুট ৰাখক লগতে অনাহকত ঘৰৰ বাহিৰলৈ ওলাই নাহিবলৈ আহ্বান জনায় ।

Exit mobile version