মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কে’বাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ পৰ্যালোচনা

Assam Health minister PTI R

● মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ উপস্থিতিত বিভাগটোৰ অধীনত ৰূপায়িত কে’বাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ পৰ্যালোচনা কৰে ৷
● মুখ্যমন্ত্ৰীয়ে অসম নগৰ আন্তঃগাঁথনি বিনিয়োগ কাৰ্যসূচী, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ কাম-কাজৰ বুজ লয় ৷
● অসম নগৰ আন্তঃগাঁথনি বিনিয়োগ কাৰ্যসূচীৰ অধীনত হাতত লোৱা ডিব্ৰুগড় চহৰৰ গোটা আৱৰ্জনা নিষ্কাশন ব্যৱস্থাপনা, ডিব্ৰুগড় চহৰ সুৰক্ষা নলা-নৰ্দমা প্ৰকল্পৰ কাম সময়মতে সম্পূৰ্ণ কৰি তুলিবলৈ তেওঁ বিভাগটোক নিৰ্দেশ দিয়ে ৷
● গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰ সংলগ্ন ভূমিখণ্ডত যিকোনো নিৰ্মাণকাৰ্য বন্ধ কৰি নদীৰ পাৰ যথাসম্ভৱ মুকলি কৰা আৰু গুৱাহাটী মহানগৰীত অধিকসংখ্যক মুকলি স্থান তথা উদ্যান গঢ়ি তোলাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে ৷
● ফাঁচিবজাৰস্থিত পুৰণি কাৰাগাৰৰ ৫৬ বিঘা ভূমিত তিনি মাহৰ ভিতৰত এখন উদ্ভিদ উদ্যান [ব’টানিকেল গাৰ্ডেন] গঢ়ি তুলিবলৈ তেওঁ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণক নিৰ্দেশ দিয়ে ৷
● গুৱাহাটী পৌৰ নিগমৰ নিজা ৰাজহ বৃদ্ধিৰ বাবে জৰুৰী পদক্ষেপ লোৱাৰ লগতে নিগমৰ অনাদায় পৌৰ কৰসমূহ শীঘ্ৰে আদায়ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড॰ শমাৰ্ই নিগমৰ আয়ুক্তক নিৰ্দেশ দিয়ে ৷
● গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ কাম-কাজৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে মহানগৰীৰ ষ্ট্ৰীট লাইট প্ৰকল্প শীঘ্ৰে সম্পূৰ্ণকৰণৰ লগতে স্মাৰ্ট চিটীৰ প্ৰস্তাৱত সন্নিৱিষ্ট প্ৰাথমিক প্ৰকল্পসমূহ শীঘ্ৰে ৰূপায়ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

Exit mobile version