চলিত বৰ্ষতে ভাৰতত ছটা ক’ভিড প্ৰতিষেধক ব্যৱহাৰ আৰম্ভ হোৱাৰ সম্ভাৱনা

bloombergquint 2021 04 b2606214 b8dd 4b56 befc abf15517a5d2 369035239

দেশত ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবৰ বাবে টিকাকৰণৰ বাহিৰে অন্য ‌উপায় নাই বুলি বিশেষজ্ঞসকলে পূৰ্বেই জনাইছে । ইতিমধ্যে ভাৰতত ক’ভিশ্বিল্ড, ক’ভেক্সিন আৰু স্পুটনিক-ভিৰ প্ৰতিষেধক ব্যৱহাৰ কৰি থকা হৈছে । তথ্য অনুসৰি, চলিত বৰ্ষতে আৰু ছটা প্ৰতিষেধকৰ ব্যৱহাৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।

পুনেৰ ছেৰাম ইনষ্টিটিউট ক’ভিশ্বিল্ডৰ লগতে ক’ভেক্সিন উৎপাদনৰ কাম আৰম্ভ হৈছে । আমেৰিকাৰ সংস্থা ন’ভাভেক্সে এই প্ৰতিষেধক প্ৰস্তুত কৰিছে । তেওঁলোকক সহযোগ কৰিছে ছেৰামে ।

পুনেৰ আন এক ঔষধ প্ৰস্তুতকাৰী সংস্থা জেন্নোভা বায়’ফাৰ্মাচিউটিকেলছে এইচজিচি০১৯ নামৰ এবিধ প্ৰতিষেধক প্ৰস্তুত কৰিছে । ইতিমধ্যে এই প্ৰতিষেধকৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ আৰম্ভ হৈছে ।

গুজৰাটৰ জাইডাছ কেডিলা নামে সংস্থাত জাইকভ-ডি প্ৰতিষেধক উৎপাদন কৰা হৈছে । ইতিমধ্যে শিশুসকলৰ শৰীৰত ইয়াৰ পৰীক্ষণ আৰম্ভ কৰা হৈছে । ভাৰতত জৰুৰী ভিত্তিত ব্যৱহাৰৰ শীঘ্ৰে কেন্দ্ৰক আবেদন কৰা হ’ব জনাইছে জাইডাছ কেডিলাই ।

ইপিনে হায়দৰাবাদৰ বায়’লজিকেল ই নামে সংস্থাত তিনিবিধ প্ৰতিষেধক প্ৰস্তুত কৰা হৈছে । তেওঁলোকে ক’ৰ্বেভেক্স প্ৰতিষেধক উৎপাদন কৰিছে । ইতিমধ্যে প্ৰতিষেধকবিধৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণ চলি আছে ।

লগতে সংস্থাটোৱে কানাডাৰ এটা সংস্থাৰ স’তে যোগ হৈ পিটিএক্স ক’ভিড-১৯বি প্ৰতিষেধক উৎপাদনৰ কাম আৰম্ভ কৰিছে । জনছন এণ্ড জনছনৰ ক’ভিড প্ৰতিষেধক জনছন ভাৰতৰ উৎপাদন কৰাৰো কাম আৰম্ভ কৰিছে বায়’লজিকেল ই-য়ে ।

ইতিমধ্যে ভাৰতৰ বহু ঔষধ উৎপাদনকাৰী সংস্থাই বিভিন্ন বৈদেশিক সংস্থাৰ স’তে জোঁট হৈ কৰ’না প্ৰতিষেধক প্ৰস্তুত কৰিবলৈ তৎপৰ হৈছে । সেয়ে আগন্তুক দিনত ভাৰতত আৰু ‌বেছি ক’ভিড প্ৰতিষেধকৰ ব্যৱহাৰ আৰম্ভ হ’ব পাৰে ।

Exit mobile version