কেঁচা পিঁয়াজে বৃদ্ধি কৰে প্ৰতিৰােধ ক্ষমতা

original

অবিশ্বাস্য হলেও এইটো সত্য যে কেঁচা পিঁয়াজে ৰােগ প্ৰতিৰােধী ক্ষমতা বৃদ্ধি কৰে। ইতিহাস ঢুপি নােপােৱা দিনৰে পৰাই মানুহে মচলা হিচাপে ব্যৱহাৰ কৰি আহিছে পিঁয়াজ। পিছে কেঁচা পিঁয়াজ খালে প্রতিৰােধ ক্ষমতা বৃদ্ধি হয় বুলি প্রমাণিত হৈছে শেহতীয়া গৱেষণাত। জ্বৰৰ পৰা আৰম্ভ কৰি বিষলৈকে সকলাে ক্ষেত্রতে পিঁয়াজ উপকাৰী বুলি কোৱা হয়। গৱেষকসকলৰ মতে প্ৰতিগৰাকী ব্যক্তিয়ে গৰমৰ দিনত কমেও এশৰ পৰা ১৫০ গ্রাম পিঁয়াজ খােৱা উচিত।

যিসকলৰ হাপানীৰ সমস্যা আছে। আৰু প্রচণ্ড গৰমত ধূলি- মলিৰ বাবে অৱস্থাই জটিল ৰূপ ধাৰণ কৰে তেতিয়া ইয়াৰ পৰা মুক্তি পাবলৈ নিয়মীয়াকৈ পিঁয়াজ খাব লাগে। কেঁচা পিঁয়াজত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট থাকে। এন্টিঅক্সিডেন্টে প্রদাহ হ্রাস পিঁয়াজত ভিটামিন ‘চি’ আৰু ছালফাৰ থকা বাবে বেক্টেৰিয়া, ভাইৰাছ আদিৰ বিৰুদ্ধে যুঁজ দিব পাৰে। অর্থাৎ এইবােৰৰ সংক্রমণ প্রতিৰােধ কৰাত পিঁয়াজ তুলনাবিহীন। ইয়াত ফ্লেভােনয়ড প্ৰচুৰ পৰিমাণে থাকে।

ইয়াত পাঁচটাৰাে অধিক ফ্লেভােনয়ড এন্টিঅক্সিডেন্ট আছে যিয়ে কোষ প্রস্তুত আৰু প্ৰতিৰােধ ক্ষমতা বৃদ্ধি কৰে। গৱেষকসকলে লাভ কৰা তথ্য অনুসৰি পিঁয়াজত কোৱাৰ্ছেটিন নামৰ এবিধ এন্টিঅক্সিডেন্ট থাকে যিকোনাে ভাইৰাছ অথবা বেক্টেৰিয়াৰ আক্ৰমণৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম। প্রতি ১০০ গ্রাম কেঁচা পিঁয়াজত মুঠ কেলৰিৰ পৰিমাণ ৪৬, প্র’টিন ৯.০ গ্রাম, কার্বোহাইড্রেট ১১.১ গ্রাম, ডায়েটাৰী ফাইবাৰ ১.৫ গ্রাম, ভিটামিন ‘এ’ ২ মাইক্র’গ্রাম, ভিটামিন ‘বি’ ০.১১৬ মাইক্র’গ্রাম ভিটামিন ‘বি’ ০.২ মিলিগ্রাম ভিটামিন বি ১৯ মাইক্র’গ্রাম, ভিটামিন ‘চি’ সাত মিলিগ্রাম,ভিটামিন ‘ই’ ০.০২ মিলিগ্রাম ভিটামিন ‘কে’ 0.৪ মাইক্র’গ্রাম, পটাছিয়াম ১৫৮ মাইক্র’গ্রাম, ছ’ডিয়াম তিনি মিলিগ্রাম, আয়ৰন ০.২৯ মিলিগ্রাম মেংগানিজ ০.১২৯ মিলিগ্রাম,ফছফৰাচ ২৯ মিলিগ্রাম, জিংক ০.১৭ মিলিগ্রাম পােৱা যায়। মাংসপেশীৰ সংকোচনতাে পিঁয়াজত থকা বিভিন্ন উপাদানে সহায় কৰে।

পিঁয়াজ কাটিলে চকুপানী ওলায় কিয় ?

পিঁয়াজ কাটিলে এলিনেজ উৎসেচক কোষৰ মাজত থকা ছালফাইড যৌগক ভাঙি ছালফেনিক এচিড (এমিনাে এচিড ছালফোক্সাইড) প্রস্তুত কৰে। এই যৌগবিধ অস্থায়ী। ই দ্রুত ছিমপ্রােপেনেথিয়েল এছ অক্সাইড নামৰ এবিধ উদ্বায়ী গেছলৈ পর্যবসিত হয়। তাৰ পাছত বতাহত মিহলি হৈ এই গেছবিধে এসময়ত চকুত স্পর্শ কৰে। ইয়াৰ লগে লগে চকুৰ পানীৰ স’তে ক্রিয়া কৰি ছালফিউৰিক এচিডৰ এটি লঘু দ্ৰৱণ প্রস্তুত কৰে। এই এচিডবিধে চকুৰ স্নায়ুত প্রদাহৰ সৃষ্টি কৰিলে অশ্রুগ্রন্থীয়ে পানী নিঃসৰণ কৰিবলৈ ধৰে।

পিঁয়াজ সম্পর্কে জানি থওক
★পিঁয়াজ খালে প্রস্রাৱ পৰিস্কাৰ হয়।
★পিয়াজৰ ৰস মূৰত লগালে ওকণিৰ পৰা হাত সাৰিব পাৰি।
★এইবিধ খালে ডিঙি পৰিস্কাৰ হয়।
★যদিহে শিশুৰ নিদ্রাহীনতাৰ সমস্যা হৈছে তেন্তে পিঁয়াজ নিয়মীয়াকৈ খুৱালেও এনেধৰণৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি। গৱেষকসকলে এই বুলি মন্তব্য কৰিছে। যে পিঁয়াজ খালে স্মৃতিশক্তি বৃদ্ধি পায়।
★তদুপৰি এন্টি বায়টিকৰ দৰে সংক্রমণ প্রতিৰােধ কৰিব পৰা গুণাে আছে।
★পেট পৰিষ্কাৰ কৰিবলৈ খাওক পিঁয়াজ।
★পেশী টানি ধৰাৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি নিয়মীয়াকৈ কেঁচা পিঁয়াজ খালে।
★নিয়মীয়াকৈ খালে ৰক্তচাপ নিয়ন্ত্রণ থকা বাবে হৃদৰােগ, ডায়েবেটিছ আদিৰ আশংকা নাথাকে।
★স্নায়বিক দুর্বলতা কমে পিঁয়াজ খালে।
★অন্ত্ৰৰ কেঞ্চাৰৰ আশংকা হ্রাস পায়।
★পিঁয়াজে হজমশক্তি স্বাভাৱিক কৰি ৰাখে।

Exit mobile version