হিন্দী ‌বা ইংৰাজী ভাষাৰ বাহিৰে অন্য ভাষাত কথা পাতিলে শাস্তি, দিল্লী চৰকাৰী হাস্পতালৰ নিৰ্দেশ

gb hospital ani 1622965543

হিন্দী ‌বা ইংৰাজী ভাষাৰ বাহিৰে অন্য ভাষাত কথা ক’লে ৰোগীসকলে বুজি পোৱাত অসুবিধা হয় । সেয়ে এই দুই ভাষাৰ বাহিৰে অন্য ভাষাত কথা পাতিব নোৱাৰিব । নিৰ্দেশ উলংঘা কৰিলে শাস্তিৰ বিধিও আছে । এই নিৰ্দেশ জাৰি কৰিছে দিল্লীৰ গোবিন্দ ‌বল্লভ পন্থ হাস্পতালে । চৰকাৰী হাস্পতালৰ এই নিৰ্দেশনাৰ বাবে স্বাভাৱিকভাৱেই সম্প্ৰতি বিতৰ্ক আৰম্ভ হৈছে । ৰাহুল গান্ধী, শশী থাৰুৰে বিষয়টোক ‘মাতৃভাষাৰ ওপৰত আক্ৰমণ’ হিচাপে গণ্য কৰিছে ।

হাস্পতালৰ তৰফৰ পৰা জনোৱা হয়, কিছুদিন পূৰ্বে কেইগৰাকীমান নাৰ্ছৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে । অভিযোগত কোৱা হয়, নাৰ্ছসকলে মালায়ালমত কথা কোৱাৰ বাবে সাধাৰণ ৰোগী আৰু তেওঁলোকৰ আত্মীয়সকলে বুজি পোৱাত অসুবিধা হয় । ইয়াৰ পাছতেই হিন্দী আৰু ইংৰাজীত কথা কোৱাৰ নিৰ্দেশ দিয়া হয় ।

লগতে কোৱা হয়, নিয়ম উলংঘা কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ’বলগীয়া হ’ব । নিৰ্দেশনা জাৰি কৰাৰ পাছতে তীব্ৰ প্ৰতিবাদ কৰিছে কংগ্ৰেছে । তেওঁলোকে নাৰ্ছৰ মানৱ অধিকাৰ লংঘন কৰা হৈছে বুলি দাবী জনাইছে ।

ঘটনা সন্দৰ্ভত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে টুইট কৰে, ‘মালায়ালম অন্যান্য পাঁচটা ভাষাৰ দৰেই এটা ভাষা । দয়া কৰি ভাষা বৈষম্য বন্ধ কৰক ।’ টুই কৰিছে শশী থাৰুৰেও । তেওঁ লিখে, ‘ভাৰতৰ দৰে গণতান্ত্ৰিক দেশত এনেদৰে চৰকাৰী প্ৰতিষ্ঠানবোৰে নাৰ্ছসকলক তেওঁলোকৰ মাতৃভাষাত কথা নক’বলৈ কৈছে । এইটো গ্ৰহণযোগ্য নহয় । এইটো মানৱ অধিকাৰ লংঘন ।’

Exit mobile version