ৰোগ প্ৰতিৰোধত হালধীৰ ভূমিকা

turmeric root and powder

মচলা হিচাপে হালধী ইতিয়াসে ঢুকি নােপােৱা দিনৰে পৰাই ব্যৱহাৰ কৰি অহা হৈছে যদিও বিগত কে’বাদশক ধৰি ইয়াৰ গুণাগুণ সম্পর্কে গৱেষণা চলিছে। তিনি হেজাৰ বছৰ পূর্বে অথর্ববেদত হালধিৰ গুণাগুণ তথা উপকাৰিতা সম্পর্কে উল্লেখ কৰা হৈছিল। আজিৰ নিচিনা সেই সময়ত বিজ্ঞানাগাৰত তথা গৱেষণাকক্ষত ইয়াক পৰীক্ষা কৰা হােৱা নাছিল। সিযিকি নহওক উক্ত বর্ণনাৰ ওপৰত ভিত্তি কৰিয়ে এতিয়া হালধিৰ ওপৰত আৰম্ভ হৈছে বহুতাে পৰীক্ষা-নিৰীক্ষা।

ভাৰতীয় খাদ্যসম্ভাৰ প্রস্তুত কৰােতে যিবােৰ মচলা ব্যৱহাৰ কৰা হয় সেইবােৰৰ ভিতৰত অন্যতম হ’ল হালধি। অৱশ্যে এইবিধ মচলাৰাে আছে এন্টি-ভাইৰেল, এন্টি বেক্টেৰিয়েল, এন্টি ফাংগেল আৰু এন্টিপ্রােটো জোৱেল গুণ। প্ৰকৃতিৰ পৰা লাভ কৰা এইবিধ মচলা বা এটুকুৰা হালধিত পােৱা যায় এক প্রাকৃতিক পলিফেনল জাতীয় যৌগ-কাৰকিউমিন। হালধিত দুই দশমিক চাৰি শতাংশ কাৰকিউমিনয়ত জাতীয় যৌগ আছে যাৰ ভিতৰত কাৰকিউমিন অন্যতম হিচাপে গণ্য কৰা হয়।

ইয়াৰ ৰােগ-প্রতিৰােধ আৰু উপশম কৰিব পৰা ক্ষমতা আছে। উল্লেখ্য যে ১৯৮-০ নেচনেল কেঞ্চাৰ ইনষ্টিটিউটত সহপ্রাধিক যৌগৰ ওপৰত গৱেষণা কৰা হৈছিল। এনে গৱেষণাৰ মাজতে প্রমাণিত হৈছিল যে কাৰকিউমিনৰ কৰ্কটৰােগ প্ৰতিৰােধী ক্ষমতা আছে। এইবিধ উপাদানে শৰীৰৰ বি-ক্রিয়া বা মেটাবলিজম নিয়ন্ত্রণ কৰাৰ লগতে ৰক্তচলাচলাে নিয়ন্ত্রণ কৰাত বিশেষ ভূমিকা গ্রহণ কৰে। তদুপৰি কলেষ্টেৰলৰ পৰিমাণে হ্রাস কৰে। আনহাতে, আলচাৰেটিভ কোলাইটিছ, আলচাৰৰ বসন্ত ৰােগৰ উপৰি আ–টাইটিছ,এলঝেইমাৰৰ ৰােগে আদিও প্ৰতিৰােধ কৰিব পৰা ক্ষমতা আছে।

গৱেষকসকলে এই বুলি মন্তব্য কৰিছে যে এনে ধৰণৰ উপাদানে হার্টএটেক আৰু ষ্ট্রক আদিও প্ৰতিৰােধ কৰিব পাৰে। টেক্সাম বিশ্ববিদ্যালয়ৰ এণ্ডাৰচন (কেঞ্চাৰ চেণ্টাৰৰ গৱেষকসকলে এই বুলি মন্তব্য কৰিছে যে হালধিত থকা উপাদানে কোলন কেঞ্চাৰ স্তন কেঞ্চাৰ, হাওঁফাঁওৰ কেঞ্চাৰ আৰু প্রষ্টেট কেঞ্চাৰ আদি প্ৰতিৰােধ কৰিব পৰা ক্ষমতা আছে। যিসকলে নিয়মীয়াভাৱে আজভা আদিত হালধি ব্যৱহাৰ কৰে তেওঁলােকৰ বিভিন্ন ধৰণৰ কৰ্কটৰােগ প্ৰতিৰােধ হয় বুলি গৱেষকসকলে মন্তব্য কৰিছে।

যকৃতৰ বাবে উপকাৰী হালধি

যকৃতৰ বাবেও উপকাৰী হিচাপে আখ্যা দিয়া হয় হালধিক। এইবিধ মচলাই যকৃতৰ কার্যক্ষমতা বৃদ্ধি কৰে। ফেটী লিভাৰৰ পৰা উপশম লাভ বা
প্ৰতিৰােধ কৰিব পাৰে হালধিয়ে। তদুপৰি নন এলক’হলিক লিভাৰ ডিজিজ অর্থাৎ মদ্যপান নকৰিলেও হােৱা যকৃতৰ ৰােগ উপকাৰী হ’ল হালধি। গৱেষকসকলে এই ক্ষেত্ৰত নতুন নতুন তথ্য লাভ কৰাৰ পাছতে ইয়াৰ গুৰুত্বও সমান্তৰালভাৱে বৃদ্ধি পাইছে।

এন্টি এলার্জি গুণ সম্পন্ন

হালধি হ’ল এন্টি এলার্জি গুণসম্পন্ন। অর্থাৎ ইয়াত এলাৰ্জিৰ বিৰুদ্ধে যুঁজ দিব পৰা উপাদান পােৱা যায়। চর্দি, হাঁচিৰ পৰা আৰম্ভ কৰি ছালৰ সংক্রমণ আদি প্রতিশােধ কৰাৰ পৰা ক্ষমতা আছে। হালধিত থকা কাৰফিউমিনে ডার্মাটাহাটছ প্ৰতিৰােধ আৰু উপশম ঘটাব পাৰে। হালধিৰ বৰণটো উজ্জ্বল সােণালী হােৱাৰ মূলতে হ’ল কাৰফিউমেন। এই বিষয়ে পিছে বহুতেই জাগ্রত নহয়।

উন্নত কৰে ৰক্ত সংবহন

হালধিয়ে ৰক্ত সংবহন উন্নত কৰিব পাৰে। অর্থাৎ শৰীৰৰ প্রতিডাল ৰক্তবাহী থলীত ৰক্ত সংবহন উন্নীত কৰাটো ইয়াৰ আন এক বৈশিষ্ট্য। তদুপৰি এনেদৰে ৰক্ত সংবহন উন্নত কৰাৰ ফল এথেৰাে শ্ৰুেৰােছিছৰ সমস্যাই গা — সুবিধা নাপায়।

পেটৰ ৰােগ প্ৰতিৰােধী-ক্ষমতা সম্পন্ন

হালধিয়ে বহুতাে পেটৰ ৰােগ প্ৰতিৰােধ কৰে। এইবিধ মছলাই বিশেষকৈ ইৰিটেবল কর্ডবেল ছিড্রোম বা আই চি এছ।কোলাইটিছৰ দৰে প্রদাহজনিত অন্ত্ৰৰ ৰােগ নিয়ন্ত্রণ কৰে। তদুপৰি পাকস্থলীৰ আলচাৰ প্ৰতিৰােধ আদিতাে মছলাবিধ উপকাৰী।স্নায়ুৰ ক্ষয়জনিত ৰােগৰ বাবে স্নায়ুৰ ক্ষয়জনিত ৰােগৰ ক্ষেত্ৰতাে হালধি কার্যকৰী বুলি কোৱা হয়। শৰীৰৰ সকলাে অংগৰ ভিতৰত মস্তিষ্ক হ’ল সবাটোকৈ নিৰাপদ ৰক্ষিত অংশ।

সেয়েহে মস্তিস্কলৈ ৰক্ত সঞ্চালিত হৈ প্ৰৱেশ কৰিবলৈ লােৱাৰ পূর্বে বহুতাে নিৰাশয়ৰ মাধ্যমেদি পাৰ হ’বলগীয়া হয়। সেইবাবে তেজত থকা বিভিন্ন অপকাৰী উপাদান সহজে মস্তিস্কত প্রৱেশ কৰিব নােৱাৰে। একে ধৰণৰ কাৰণতে কেতিয়াবা উপকাৰী উপাদানাে মস্তিস্কত প্রৱেশ কৰিব নােৱাৰে। হালধিৰ কাৰফিউমিনে তেজ আৰু মস্তিস্কৰ মাজত থকা এনে বাধা আঁতৰাই মস্তিস্কলৈ সঠিকভাৱে ৰক্ত সৰবৰাহ কৰিব পাৰে। এইবিধ উপাদানৰ বাবেই এলঝেইমাৰৰ

★হালধিয়ে কোলেষ্টেৰল আৰু ট্রাইগ্লিচাৰইড নিয়ন্ত্রণ কৰে। এইবিধ মচলাই ৰক্তবাহী নলীত চর্বি জমা হােৱা বা এথেৰােক্লোৰােছিছ গা কৰি উঠাত ব্যাঘাত জন্মায়।

★চর্মৰােগ প্ৰতিৰােধৰ ক্ষেত্ৰতাে হালধিৰ ভূমিকা গুরুত্বপূর্ণ।

★হালধি হ’ল এন্টি এজিং বা এন্টিঅক্সিডেন্টগুণসম্পন্ন। সেইবাবে নিয়মীয়াকৈ হালধি আদি ব্যৱহাৰ কৰাৰ ফলত ব্যৱহাৰকাৰীৰ জীৱনলৈ বার্ধক্য পলমকৈ আহে।

★চকুৰ তলত কলা পৰাৰ সমস্যা বা ডার্ক চার্কেল ৰােগৰ পৰা উপশম লাভ কৰিবলৈ হালধিৰ ৰস ব্যৱহাৰ কৰা হয়।

★হালধিৰ ৰসে কৃমিৰ সমস্যাৰ সমাধান কৰে।

★বিভিন্ন ধৰণৰ লিভাৰৰ অসুখৰ পৰাও হাত সাৰিব পাৰি।

★হালধিৰ ৰস আদি খালে নিদ্রাহীনতাৰ পৰাও উপশম লাভ কৰাটো সম্ভৱ।

★হালধি অর্শ বা পায়েলছ ৰােগতাে ফলদায়ক।

★এইবিধ মচলা হ’ল এন্টি এলার্জিগুণ সমৃদ্ধ। বিশেষকৈ এলার্জীক ৰাইনাইটিছত হালধি ফলদায়ক।

★হালধিয়ে ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধি কৰে। খাদ্য প্রস্তুত কৰাৰ উপৰি গাখীৰত মিহলাই খালে ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধি কৰে।

★হালধিত থকা কাৰকিউমিন যৌগ বিধে কৰ্কট ৰােগ প্ৰতিৰােধত সহায় কৰে বুলি গৱেষকসকলে মন্তব্য কৰিছে।

★যিকোনাে গাঁঠিৰ ৰােগ প্ৰতিৰােধ কৰে হালধিয়ে। অষ্টিঅ’ আথ্রাইটিত ফুলা ভাবে বা বিষ নিবাৰণৰ ক্ষেত্ৰত হালধিয়ে ভূমিকা গ্রহণ কৰে।

★এইবিধ মচলাৰ হৃদৰােগ প্ৰতিৰােধ কৰিব পৰা ক্ষমতা
আছে।

★হালধিয়ে ৰক্তচাপ নিয়ন্ত্রণ কৰে।

★‘ডিজেনেৰেটিভ ব্রেইন ডিঅৰ্ডাৰ প্ৰতিৰােধতাে এইবিধ মচলাৰ ভূমিকা নােহােৱা নহয়। বিশেষকৈ এলজেইমাৰৰ ৰােগ আদি প্ৰতিৰােধ কৰিব পাৰে।।

★হালধিয়ে ‘ব্রেইন ডিৰাইভড নিউৰ’ট্রফিক ফেক্টৰ নামৰ প্র’টিনবিধ বৃদ্ধি কৰে। ফলত নার্ভ ফাইবাৰক সতেজ কৰি ৰখাত সহায়ক হয়।

★গুৰ অথবা চেনীৰে হালধিৰ ৰস নিয়মীয়াকৈ খালে ডিপ্রেচন বা অৱসাদ আঁতৰ হয়।

★অন্ধত্ব আৰু গ্লুকমা প্রতিৰােধতাে ইয়াৰ ভূমিকা আছে। বার্ধক্যৰ বাবে হােৱা দুর্বল দৃষ্টিশক্তিৰ সমস্যা প্রতিৰােধ কৰে।

★হালধিয়ে ৰিউমেটিক আথ্রাইটিছ প্রতিৰােধ কৰে।

★ইয়াত এন্টি অক্সিডেন্ট থকা বাবে চকুৰ ছানি হােৱাৰ সমস্যাও বহু পৰিমাণে হ্রাস কৰা দেখা যায়। দৰে ৰােগে সহজে গা কৰি উঠিব নােৱাৰে।

Exit mobile version