চন্দ্ৰত মহাকাশযান প্ৰেৰণ কৰিব নাছাই, গুৰুত্বপূৰ্ণ দায়িত্বত ভাৰতীয় বংশোদ্ভূত সুবাসিনী

iyer 60bc83eba754f

চন্দ্ৰত পুনৰ মহাকাশযান প্ৰেৰণ কৰিব আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই । এই প্ৰকল্পত গুৰুত্বপূৰ্ণ দায়িত্বত আছে এগৰাকী ভাৰতীয় বংশোদ্ভূত মহিলা অভিযন্তা । ভাৰতৰ কোয়িম্বত্তোৰত জন্ম সুবাসিনী অইয়ৰৰ । বিগত দুই বছৰৰ পৰা তেওঁ নাছাৰ এই প্ৰকল্পৰ স’তে জড়িত হৈ আছে ।

এই সন্দৰ্ভত সুবাসিনীয়ে এক সৰ্ব্বভাৰতীয় সংবাদ সংস্থাক কয়, ‘আমি ৫০ বছৰ পূৰ্বে শেষবাৰৰ বাবে চন্দ্ৰত ভৰি থৈছিলো । সেয়ে আমি মহাকাশচাৰীসকলক পুনৰ চন্দ্ৰত লৈ যোৱাৰ পৰিকল্পনা কৰিছো । এই প্ৰকল্পৰ প্ৰাথমিক স্তৰৰ পৰা নাছাক সকলো ধৰণৰ সহায় কৰাৰ দায়িত্ব আমাৰ ।’

নাছাৰ এই প্ৰকল্পটোৰ নাম ‘আৰ্টেমিছ লুনাৰ এক্সপ্লোৰেচন’ । এই প্ৰ’গ্ৰেমত নতুন প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে । নাছাই জনায়, স্পেছ লঞ্চ ছিষ্টেম (এছ‌এল‌এছ) আৰু অৰিয়ন ৰকেটৰ জৰিয়তে মহাকাশচাৰীসকলক চন্দ্ৰত প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে । অৰ্থাৎ, চন্দ্ৰত দুটা মহাকাশযান প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে নাছাই । এই প্ৰ’গ্ৰেমৰ জৰিয়তে চন্দ্ৰৰ বহু অজ্ঞাত তথ্যৰ সন্ধান উলিওৱাৰ চেষ্টা কৰা হ’ব বুলি জনাইছে নাছাই ।

Exit mobile version