অনলাইন লুডু জুৱা খেল নেকি ? জানিব বিচাৰিলে উচ্চ ন্যায়ালয়ে

online ludo others 1

অনলাইন লুডু খেলৰ সন্দৰ্ভত মহাৰাষ্ট্ৰ চৰকাৰৰ পৰা তথ্য বিচাৰিলে বােম্বে উচ্চ ন্যায়ালয়ে। অনলাইনত লুডু খেলাতাে আচলতে জুৱা খেল বুলি দাবী কৰি এজন ব্যক্রিয়ে দাখিল কৰা এক আবেদনৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে এই বিষয়ত মহাৰাষ্ট্ৰ চৰকাৰৰ পৰা অনলাইন লুডু খেলক জুৱাৰ অন্তর্ভুক্ত কৰিব পাৰে নেকি বুলি জানিব বিচাৰিলে।

ADVERTISEMENT

মহাৰাষ্ট্ৰ নৱনির্মাণ সেনা সদস্য কেশৱ ৰমেশ মুলেয়ে অনলাইন লুডু খেল নিষিদ্ধকৰণৰ দাবীৰে বােম্বে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। ন্যায়াধীশ এছ এছ সিন্ধে আৰু অজয় আহুজাৰ বিচাৰপীঠে এই আবেদনৰ সন্দৰ্ভত শুনানি গ্রহণ আৰম্ভ কৰি মহাৰাষ্ট্ৰ চৰকাৰলৈ এক জাননী প্রেৰণ কৰে।

উল্লেখ্য যে যুৱ প্ৰজন্মৰ মাজত সম্প্রতি অনলাইন লুডু খেল যথেষ্ট জনপ্রিয় হৈছে আৰু একাংশ লােকে ধনৰ বিনিময়তাে এই খেল খেলা প্রত্যক্ষ হৈছে।

Exit mobile version