ইনটাৰ্ণশ্বিপৰ বাবে আবেদন কৰা মুম্বাইৰ যুৱকৰ থ্ৰীডি ভিডিঅ’ ভাইৰেল, লাভ কৰিলে ড্ৰিম ইণ্টাৰ্ণশ্বিপ

33qd41a8 avkash

মুম্বাইৰ এজন ২১ বছৰীয়া যুৱকে এটা ‘৩ডি’ ভিডিঅ’ শ্বেয়াৰ কৰি ‘ক্ৰেড’ত তেওঁৰ ড্ৰিম ইণ্টাৰ্ণশ্বিপ লাভ কৰে । অৱকাশ সাহ মুম্বাইৰ এজন থ্ৰীডি গ্ৰাফিক/ম’চ’ন ডিজাইনাৰ । তেওঁ এটা ক্ৰেডিট কাৰ্ড পেমেণ্ট কোম্পানীত ইণ্টাৰ্ণশ্বিপ কৰিব বিচাৰিছিল, যিয়ে তেওঁলোকৰ অভিনৱ থ্ৰীডি বিজ্ঞাপনেৰে প্ৰচাৰ চলায় ।

অৱকাশে জানিছিল যে ইণ্টাৰ্ণশ্বিপটো পাবৰ বাবে তেওঁ আকৰ্ষণীয় কিবা কৰিব লাগিব, সেয়ে তেওঁ এটা থ্ৰীডি ভিডিঅ’ আপলোড কৰি কোম্পানীটোত ইণ্টাৰ্ণশ্বিপৰ বাবে আবেদন কৰে ।

লিংকড‌ইন-ত ভিডিঅ’ শ্বেয়াৰ কৰোঁতে অৱকাশে লিখে, ‘ম‌ই ক্ৰেডত ইণ্টাৰ্ণশ্বিপ কৰিব বিচাৰো । এইটো মোৰ আবেদন ।’ তেওঁ লগতে কয়, ‘ম‌ই ভাবো যে, যদি ম‌ই আবেদন কৰো, মই ইয়াৰ বাবে কিবা উপযুক্ত তৈয়াৰ কৰিব লাগিব । যাৰ বাবে ম‌ই পাবলৈ সক্ষম হ‌ওঁ ।’

https://www.linkedin.com/feed/update/urn:li:activity:6806143033738878976

ক্ৰেড-ত থ্ৰীডি ভিডিঅ’টো শ্বেয়াৰ কৰোতে অৱকাশে ক্ৰেড-ৰ প্ৰতিষ্ঠাপক কোনাল সাহ আৰু মুখ্য ডিজাইনাৰ হৰিশ শিৱৰামকৃষ্ণনকো টেগ কৰে ।

ভিডিঅ’টো শ্বেয়াৰ কৰাৰ তিনি দিনৰ পাছতে ৯.৯ লাখ ভিউজ আৰু শ শ কমেণ্টেৰে ভাইৰেল হৈ পৰে । কমেণ্টত সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে ভিডিঅ’ আৰু ইণ্টাৰ্ণশ্বিপৰ বাবে আবেদন কৰাৰ অভিনৱ শৈলীৰ প্ৰশংসা কৰে । লগতে বহু জ’বৰ সুযোগো লাভ কৰে যুৱকজনে ।

অৱশেষত, ক্ৰেডৰ মুখ্য ডিজাইনাৰ হৰিশে অৱকেশক ইণ্টাৰ্ণশ্বিপৰ সুযোগ দিয়ে । ভিডিঅ’ৰ কমেণ্টত তেওঁ কয়, ‘ক্ৰেড ডিজাইন মাফিয়াৰ ইণ্টাৰ্ণছ ক্লাবলৈ স্বাগতম ।’

Exit mobile version