কমবয়সীয়াসকলক প্ৰতিষেধক প্ৰদান কৰিবলৈ উদ্যোগী কেন্দ্ৰ, এইমছত আৰম্ভ দুইৰ পৰা ১৮ বছৰ বয়সীয়াসকলৰ পৰীক্ষণ

Covaxin 770x433 1

সোমবাৰৰ পৰা দিল্লীৰ এইমছত আৰম্ভ হৈছে শিশুসকলৰ ক’ভেক্সিন পৰীক্ষণ । পৰীক্ষণৰ বাবে শিশুসকলৰ বাছনি কাৰ্য‌ও আৰম্ভ হৈছে ‌। দুইৰ পৰা ১৮ বছৰীয়া শিশুসকলৰ শৰীৰত ভাৰত বায়’টেকৰ তৈয়াৰী প্ৰতিষেধক কিমান কাৰ্যকৰী তাৰেই পৰীক্ষণ কৰা হ’ব । পাটনা এইমছটো দেওবাৰৰ পৰীক্ষণ আৰম্ভ হৈছে ।

কৰ’নাৰ প্ৰথম ঢৌৰ তুলনাত দ্বিতীয় ঢৌত কমবয়সীয়াসকল অধিক আক্ৰান্ত হৈছে । বিশেষজ্ঞসকলে সতৰ্কবাণী দিছে যে, অধিক সংখ্যক লোকক প্ৰতিষেধক প্ৰদান কৰিব নোৱাৰিলে তৃতীয় ঢৌৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিব । সেই ঢৌত শিশুসকল আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক ।

ভাৰতত মূলতঃ তিনিবিধ প্ৰতিষেধক ব্যৱহাৰ কৰি থকা হৈছে – ক’ভেক্সিন, ক’ভিশ্বিল্ড আৰু স্পুটনিক-ভি । অৱশ্যে ১৮ বছৰৰ ঊৰ্ধ্বৰসকলক এই প্ৰতিষেধক প্ৰদান কৰাৰ অনুমতি দিয়া হৈছে । নীতি আয়োগৰ সদস্য ভিকে পলে বিগত মাহত জনায়, শিশুসকলৰ ওপৰত ক্লিনিকেল পৰীক্ষণ কৰিবৰ বাবে কেন্দ্ৰ‌ই ১৩ মে’ত অনুমোদন পত্ৰ দিছে ।

ইতিমধ্যে বহু দেশে ১৮ বছৰ বয়সৰ অনুৰ্ধ্বৰসকলক প্ৰতিষেধক প্ৰদান কৰিছে । আমেৰিকা আৰু কানাডাত ফাইজাৰ বায়’এনটেকৰ প্ৰতিষেধক এটা নিৰ্দিষ্ট বয়সৰ শিশুসকলক দিয়াৰ অনুমতি দিয়া হৈছে । ইউৰোপীয় ইউনিয়নটো ১২ৰ পৰা ১৫ বছৰ বয়সৰ শিশুসকলক এই প্ৰতিষেধক দিয়াৰ অনুমতি দিয়া হৈছে । চীনৰ সংস্থা ছিন’ভেকৰ তৈয়াৰী কৰ’না প্ৰতিষেধক ‘কৰ’নাভেক’ দিয়াৰ অনুমতি দিয়া হৈছে তিনিৰ পৰা ১৭ বছৰ বয়সীয়াসকলক ।

Exit mobile version