গোসাইগাওঁ মহকুমাৰ অৰ্ন্তগত পৰিষদীয় দুই নং গুমা সমষ্টিৰ ৰাইযে নিজৰ গাঠিৰ ধনেৰে নিৰ্মাণ কৰিছে বাহৰ দলং

WhatsApp Image 2021 06 07 at 1.45.21 PM

কোকৰাঝাৰ জিলা গোসাইাগাওঁ মহকুমা অৰ্ন্তগত গগুঝৰা গোসাইগাওঁ সংযোগী পথৰ খৰোনালা নদীৰ ওপৰত দলং নথকাৰ বাবে ৰাইজে চৰম দুৰ্ভোগত ভূগিছে। চৰকাৰ আহে আৰু যায় কিন্তু পৰিবৰ্তন দেখা নাপায় অঞ্চলৰ ৰাইজে।

তিনি দশকৰ পৰা দলং নথকাৰ বাবে অঞ্চলৰ কণ কণ ছাত্ৰ-ছাত্ৰী,ৰোগী সকল চিকিৎসাৰ বাবে মৃতুঞ্জয় সেৱা গাড়ী,ৰেচন চাউল যোগান গাড়ী সমূহ যাতায়তৰ বাধা আৰু অসুবিধাৰ সন্মুখিন হৈছে।

গাওঁখনত প্ৰৱেশ-স্থানৰ একমাত্ৰ পথত থকা দলং খন দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ বাহৰ দলংঙেৰে যাতায়ত কৰিছে। আজি বাহৰ দলংখন নিৰ্মাণ কামত বিজেপিৰ গুমা মণ্ডল সভাপতি তথা গুমা সমষ্টিৰ টিচিএলছিছি উপ সভাপতি নিলেশ্বৰ ৰায় আৰু গাওঁৰ ৰাইজৰ সহযোগত দলং নিৰ্মাণ সম্পূৰ্ণ কৰে।

দলং নিৰ্মাণৰ বাবে ৰাইজে দাবী কৰি আহিছে যদিও অসম চৰকাৰ তথা বিটিচি প্ৰশাসনে কোনো গুৰুত্ব দিয়া নাই। এই দলংখনৰ বাবে গগুঝৰা গাওঁৰ ৰাইজে প্ৰতিদিনে দুৰ্ভোগ ভূগি আছে। অসম চৰকাৰ তথা বিটিচি চৰকাৰক দলং খন নিৰ্মাণ কৰি দিবলৈ আহ্বান জনাইছে।

Exit mobile version