ট্রাম্পৰ দৃষ্টি ২০২৪ৰ ৰাষ্ট্ৰপতিৰ নির্বাচনত : প্রথম ভাষণতে কৰিলে ঘােষণা

HBEHGVWHI5PYRO2GRVXIO7NXZY

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পে ২০২৪ত ৰাষ্ট্রপতি নির্বাচনত পুনৰ প্রতিদ্বন্দ্বিতা কৰাৰ ইংগিত দিলে। নর্থ কেৰ’লিনাত ভাষণ ৰখাৰ সময়ত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্রপতিজনে কয় যে ৰিপাব্লিকান পার্টিয়ে আকৌ এবাৰ ২০২৪ত নর্থ কে’লিনাত জয় সাব্যস্ত কৰিব।

নর্থ কে লিনাত ৰিপাব্লিকান পার্টি ২০২১ সন্মিলনত অংশ লৈ ট্রাম্পে দাবী কৰি কয় যে, ২০২৪ত আমেৰিকাৰ এই প্ৰদেশত ৰিপাব্লিকান দলৰ জয় নিশ্চিত। এনে এটা বর্ষ, ২০২৪ৰ প্ৰতি মােৰ দৃষ্টি নিবন্ধ আছে। আমি এনেদৰে ভেটি গঢ়িম, যাৰ জৰিয়তে নর্থ কেৰ লিনাত আকৌ এবাৰ ৰিপাব্লিকান পার্টিয়ে জয় সাব্যস্ত কৰিব।

উল্লেখ্য যে ২০২২ত নর্থ কেৰ’লিনাত ছিনেট নির্বাচন অনুষ্ঠিত হ’ব। যােৱা বছৰত অনুষ্ঠিত মার্কিন ৰাষ্ট্রপতি নির্বাচনত পৰাজয়ৰ পাছতে ট্রাম্পে ২০২৪ৰ ৰাষ্ট্ৰপতিৰ নির্বাচনত পুনৰ প্রার্থী হিচাপে থিয় দিব বুলি ঘােষণা কৰিছিল।

Exit mobile version