প্রতিকূল বতৰৰ স’তে খাপ খাব নােৱৰাত ৯০ শতাংশ সৈনিকক পিপলছ লিবাৰেচন আর্মীয়ে ওভতাই নিলে

লাডাখত প্রচণ্ড শীতত থৰকাছুটি হেৰুৱাই উভতিল চীনা সেনা

doka

পূব লাডাখৰ পেগং অঞ্চলত প্রচণ্ড শীতত তিষ্টিব নােৱাৰি উক্ত অঞ্চল ত্যাগ কৰিবলৈ বাধ্য হ’ল চীনৰ সেনা। প্রকাশিত বাতৰি অনুসৰি পূব লাখখণ্ডৰ প্রকৃত নিয়ন্ত্রণ ৰেখাৰ আশে-পাশে চীনে বৃহৎসংখ্যক সেনা নিয়ােগ কৰিছিল।

কিন্তু এই অঞ্চলৰ অতি শীতল পৰিৱেশৰ স’তে খাপ খাব নােৱাৰি চীনৰ নিয়ােজিত সৈনিকৰ কমেও ৯০ শতাংশই উভতি যায়। পিপলছ লিবাৰেচন আর্মিৰ এইসকল সদস্যই পূব লাডাখত হাড় কপােৱা শীতত থৰকাছুটি হেৰুৱাই কমদিনৰ ভিতৰতে সীমান্তৰ এই অঞ্চল ত্যাগ কৰে।

চীনে যােৱা এবছৰ ধৰি উক্ত অঞ্চলত নিয়ােজিত সৈন্য অলপতে সলনি কৰিছিল আৰু পূর্বে নিয়ােজিত সৈনিকক সীমান্তৰ উক্ত অঞ্চলৰ পৰা ওভতাই নি নতুন সৈনিকক নিয়ােগ কৰিছিল। কিন্তু পূব লাডাখত বর্তমানে প্রচণ্ড শীতৰ প্রকোপত নতুনকৈ নিয়ােজিত চীনা সৈন্যই পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সফল নহ’ল। ।

উপায়হীন হৈ এইসকল সৈনিকৰ ৯০ শতাংশক পিপলছ লিবাৰেচন আর্মীয়ে ওভতাই নিলে। প্রতিকূল বতৰৰ স’তে চীনা সেনাই খাপ খাব নােৱৰাত পিপলছ লিবাৰেচন আর্মী প্রায়ে সমস্যাৰ সন্মুখীন হৈ আহিছে। চীনে ভাৰতৰ ওপৰত হেঁচা বৃদ্ধিৰ লক্ষ্যৰে সীমান্তত এইদৰে পিপলছ লিবাৰেচন আর্মীক নিয়ােগ কৰি আহিছে।

লাখ সীমান্তত যােৱা বছৰত হােৱা চীন- ভাৰত সংঘাতৰ পাছৰে পৰা এইদৰে বেইজিঙে উক্ত সীমান্তত চীনা সেনাৰ নিয়ােগ অব্যাহত ৰাখিছে। ভাৰতীয় সেনাই কঠিন পৰিস্থিতিৰ মাজতাে উক্ত অঞ্চলত বিগত দুবছৰৰাে অধিক সময় বাহৰ পাতি আছে।

কিন্তু ভাৰতীয় সেনাক প্রত্যাহ্বান জনাবলৈ পূব লাডাখত বাহৰ পতা চীনা সৈনিকে প্রচণ্ড শীতক সহ্য কৰিব নােৱাৰি অৱশেষত এই অঞ্চল ত্যাগ কৰিবলৈ বাধ্য হ’ল।

Exit mobile version