সম্ভাব্য তৃতীয় সংক্ৰমণ মোকাবিলাৰ বাবে প্ৰস্তুত ৰাজ্য চৰকাৰ

তিনি মাহৰ ভিতৰতে ৰাজ্যৰ সকলোকে দিয়া হ'ব ক'ভিড প্ৰতিষেধক

WhatsApp Image 2021 06 07 at 7.51.13 PM

অসমত ক’ভিড অতিমাৰীৰ সম্ভাব্য তৃতীয় পৰ্যায়ৰ সংক্ৰমণৰ স’তে মোকাবিলাৰ বাবে ৰাজ্য চৰকাৰে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । সৰুসজাই ষ্টেডিয়াম চৌহদত আজি সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।

শেহতীয়াকৈ নিতী আয়োগে ক’ভিডৰ তৃতীয় পৰ্যায়ৰ সংক্ৰমণৰ শংকা কৰি ৰাজ্য চৰকাৰসমূহক সচেষ্ট কৰাৰ পাছত অসম চৰকাৰে সম্ভাৱব্য তৃতীয় পৰ্যায়ৰ ক’ভিড পৰিস্থিতি চম্ভালিবলৈ ইতিমধ্যে চিকিৎসাৰ আন্তঃগাথঁনি শক্তিশালী কৰাৰ লগতে প্ৰয়োজনীয় সকলো জৰুৰী কাৰ্যব্যৱস্থা গ্ৰহণ কৰি সস্তম হৈ আছে বুলি বিভাগীয় মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে ।

ৰাজ্যত পৰ্যাপ্ত সংখ্যক আইচিইউ, অক্সিজেন বিচনা আৰু আইছ’লেচন বিচনা উপলব্ধ থকাৰ লগতে সাতখন চিকিৎসা মহাবিদ্যালয় হাস্পতালত একোটাকৈ শিশুৰ বাবে আইচিইউ ৱাৰ্ড মুকলিৰ ব্যৱস্থা কৰা বুলি তেওঁ জানিবলৈ দিয়ে । জিলা চিকিৎসালয়সমূহতো মুঠ ২৫০খন আইচিইউ বিচনা শিশুৰ বাবে সাজু ৰাখিবলৈ চৰকাৰে ব্যৱস্থা কৰাৰ উপৰি ৰাজ্যত পৰ্যাপ্ত পৰিমাণে মেডিকেল অক্সিজেন উৎপাদন আৰু মজুতকৰণৰো আন্তঃগাথঁনি সাজু হৈ উঠা বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে ।

ইফালে, অহা তিনি মাহৰ ভিতৰতে ১৮ বছৰৰ ওপৰৰ সকলোকে বিনামূলীয়াকৈ ক’ভিড প্ৰতিষেধক প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লোৱা বুলিও তেওঁ প্ৰকাশ কৰে । ইয়াৰ বাবে আগন্তুক তিনিটা মাহত দৈনিক তিনি লাখগৰাকীকৈ লোকক ক’ভিড প্ৰতিষেধক প্ৰদানৰ বাবে চৰকাৰে পৰিকল্পনা যুগুতাই আছে বুলিও স্বাস্থ্যমন্ত্ৰী মহন্তই উল্লেখ কৰে ।

Exit mobile version