১০ জুনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব সৰুসজাই ষ্টেডিয়ামৰ নতুন ক’ভিড চিকিৎসালয়

ডিআৰডিঅ'ৰ দ্বাৰা নিৰ্মীয়মান চিকিৎসালয় পৰিদৰ্শন কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা

WhatsApp Image 2021 06 07 at 7.51.10 PM

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনত পৰিচালিত হ’ব তিনিশখন আইচিইউ-অক্সিজেন বিচনাৰ চিকিৎসালয়

 

ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে সৰুসজাই ষ্টেডিয়াম চৌহদত ৰাজ্যৰ স্বাস্থ্য বিভাগে ক্ষিপ্ৰতাৰে নিৰ্মাণ কৰা অত্যাধুনিক ক’ভিড চিকিৎসালয়খন অহা ১০ জুনত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । দেশৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’)ৰ সহযোগত খৰতকীয়াকৈ নিৰ্মাণৰ ব্যৱস্থা কৰা তিনিশখন আইচিইউ-অক্সিজেন সুবিধাযুক্ত বিচনাৰ চিকিৎসালয়খন পৰিদৰ্শন কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি বিয়লি সাংবাদিকৰ আগত এই কথা ঘোষণা কৰে ।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম (এনএইচএম)ৰ সঞ্চালক ডাঃ এছ লক্ষ্মনন আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্যৰ স’তে নিৰ্মীয়মান চিকিৎসালয়খনৰ ভিতৰভাগৰ প্ৰতিটো অংশ পৰিদৰ্শন কৰাৰ পাছত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে, নতুন চৰকাৰখনৰ শপত গ্ৰহণৰ এমাহ পূৰ্ণ হোৱাৰ দিনটোতে অহা বৃহস্পতিবাৰে এই চিকিৎসালয়খন ৰাজ্যৰ ক’ভিড আক্ৰান্তসকলৰ সেৱাত মুখ্যমন্ত্ৰীয়ে উচৰ্গা কৰিব । ২০ দিনৰ ভিতৰতে নিৰ্মাণ কৰি উলিওৱা ক’ভিড চিকিৎসালয়খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনত পৰিচালিত হ’ব বুলিও স্বাস্থ্যমন্ত্ৰী মহন্তই ঘোষণা কৰে।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত আমাৰ নতুন চৰকাৰে যোৱা ১০ মে’ত শপত গ্ৰহণ কৰাৰ তিনিদিন পাছতে ৰাজ্যখনত জৰুৰীভাৱে ক’ভিড চিকিৎসা আন্তঃগাথঁনি টনকিয়াল কৰিবলৈ যোৱা ১৩ মে’ত আমাৰ স্বাস্থ্য বিভাগে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ ডিআৰডিঅ’ৰ স’তে এই ক’ভিড চিকিৎসালয় নিৰ্মাণৰ বাবে বুজাবুজি চুক্তি সম্পন্ন কৰিছিল । যোৱা ১৮ মে’ত ডিআৰডিঅ’ই সৰুসজাই ষ্টেডিয়ামৰ ঠাইটুকুৰা চমজি লয় আৰু ৮০খন ট্ৰাকত বয়বস্তু আনি প্ৰাৰম্ভিক নিৰ্মাণ কাৰ্য আৰম্ভ কৰে । ইয়াৰ পাছৰ ২০ দিনৰ ভিতৰতে এশখন আইচিইউ বিচনা আৰু দুশখন অক্সিজেন সুবিধাযুক্ত বিচনাৰ এই অত্যাধুনিক চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ কৰি তুলিলে ডিআৰডিঅ’ই । মুকলি কৰাৰ পাছত এই ক’ভিড চিকিৎসালয়খন সম্পূৰ্ণভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে পৰিচালনা কৰিব । ইতিমধ্যে ৰাজ্য চৰকাৰে এই নতুন চিকিৎসালয়খনক জিএমচিএইচৰ সংলগ্ন চিকিৎসালয় হিচাপে ঘোষণাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।’

মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, এই ক’ভিড চিকিৎসালয়খনৰ ভিতৰ ভাগত প্ৰতিটো ছিফ্টতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী সহযোগী অধ্যাপকৰ তত্বাৱধানত বিভিন্ন বিভাগৰ ১৮গৰাকীকৈ চিকিৎসকে ক’ভিড আক্ৰান্তসকলক চিকিৎসা সেৱা উপলব্ধ কৰিব । তদুপৰি বাহিৰত নতুন ক’ভিড আক্ৰান্তক ভৰ্তিকৰণ, আৰোগ্য লভাসকলক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি প্ৰদান আৰু কাউন্সেলিঙৰ বাবেও সুকীয়াকৈ চিকিৎসক-স্বাস্থ্যকৰ্মীৰ দল থাকিব ।

উল্লেখ্য যে, চিকিৎসালয়খন নিৰ্মাণত প্ৰায় ২২ কোটি টকা ব্যয় হ’ব । ইয়াৰে ১৯.৭ কোটি টকা ডিআৰডিঅ’ৰ নিৰ্মাণ কাৰ্যত ব্যয় হোৱাৰ উপৰি বিদ্যুৎ সংযোগৰ বাবে এপিডিচিএলক ১.২৪ কোটি টকা, চিকিৎসালয়খনৰ চাৰিওফালে পথ আৰু নৰ্দমা আদি নিৰ্মাণৰ বাবে লোকনিৰ্মাণ বিভাগক ৫৯ লাখ টকা দিয়াৰ লগতে খোৱাপানী যোগানৰ বাবদো এনএইচএমে ধন আদায় দিব লগা হৈছে ।

Exit mobile version