অৰণ্য চহৰ নিৰ্মাণ কৰিছে ছিংগাপুৰে, নিষিদ্ধ এচি, গাড়ী, নিয়ন্ত্ৰিত হ’ব বতাহৰ পৰা উষ্ণতাও

Tengah11

অক্সিজেনেৰে পৰিপূৰ্ণ চহৰ প্ৰতিষ্ঠা কৰিছে ছিংগাপুৰে । নাম দিছে ‘অৰণ্য নগৰী’ । নাগৰিকৰ আৰামত কোনো আপোচ নকৰাকৈয়ে চহৰত থাকিব গভীৰ অৰণ্য ।

পৰিৱেশ প্ৰদূষণ হোৱাৰ সুযোগ নাই এই চহৰখনত । দৃশ্য আৰু শব্দ প্ৰদূষণো নাই । চাৰিওফালে সেউজীয়া । কাণত প্ৰকৃতিৰ শব্দ । গাড়ীৰ ধোঁৱা, হৰ্ণৰ শব্দ, যান জটৰ সমস্যাৰ পৰা মুক্ত হ’ব নাগৰিকসকল । কাৰণ অৰণ্য নগৰত থাকিব ট্ৰাফিক মুক্ত পথ ।

ট্ৰাফিক মুক্ত ! এই চহৰখন বিচ্ছিন্ন দ্বীপৰ দৰে নেকি ? যান-বাহন চলাচলৰ ব্যৱস্থা নাথাকিব নেকি ? তেনে নহয় । গাড়ী চলাচলৰ ব্যৱস্থা থাকিব, কিন্তু মাটিৰ তলত । মাটিৰ ওপৰত সেউজীয়াৰ মাজত কেৱল চাইকেলেৰে বা খোজকাঢ়ি ভ্ৰমণ কৰিব পাৰিব বাসিন্দাসকলে ।

নাম ‘ফৰেষ্ট টাউন’ বা ‘অৰণ্য নগৰী’ । এই প্ৰকল্পৰ আন এটা নামো আছে ‘দ্য তেনগা প্ৰজেক্ট’ । ছিংগাপুৰৰ প্ৰথম স্মাৰ্ট আৰু দীৰ্ঘস্থায়ী চহৰ হ’ব এই তেনগা । সাতশ হেক্টৰ ভূমিৰ ওপৰত পাঁচখন বাসযোগ্য জিলাৰে তৈয়াৰ এই চহৰত ঠাই পাব ৪২ হেজাৰ গৃহ‌ই ।

ছিংগাপুৰৰ পশ্চিমৰ যি অঞ্চলত এই নগৰ গঢ়ি উঠিছে, এসময়ত ইয়াত সেনাবাহিনীক প্ৰশিক্ষণ দিয়া হৈছিল । এটা বৃহৎ ইটা ভাটাৰো আছিল । এই ইটা ভাটাৰৰ কৰ্মীসকল বিস্তৃত হৈ আছিল তেনগা অৰণ্যত ।

কিন্তু তেনগাৰ অৰণ্য নগৰী সেউজীকৰণৰ লক্ষ্যেৰে সেউজকে ধ্বংস কৰিছে বুলি অভিযোগ উত্থাপন হৈছে ।

তেনগাৰ বিশাল অৰণ্যভূমিৰ ওপৰতে গঢ়ি উঠিছে অৰণ্য নগৰী । ইয়াৰ বাবে কটা হৈছে প্ৰচুৰ গছ । ছিংগাপুৰৰ বন‌ সংৰক্ষণ আন্দোলনকাৰীসকলে এই বিষয়ত ক্ষোভ উজাৰিছে । তেওঁলোকে কয়, তেনগাত যি সেউজ চহৰ গঢ়াৰ পৰিকল্পনা কৰা হৈছে, প্ৰকৃততে ই সাধাৰণ মানুহ নিষিদ্ধ চহৰত পৰিণত হ’ব ।

অৰণ্যপ্ৰেমীসকলৰ মতে, অৰণ্য ধ্বংস কৰি আধুনিক সুযোগ-সুবিধাৰ যি ব্যৱস্থা থাকিব, তাত প্ৰচুৰ ব্যয়বহুল হ’ব । সাধাৰণ নাগৰিকৰ বাবে এই ব্যয় বহন কৰা সম্ভৱ নহ’ব । সেয়ে সাধাৰণ নাগৰিকে এই চহৰত বাস কৰিব নোৱাৰিব ।

নতুন অৰণ্য নগৰীত পাঁচখন বাসযোগ্য জিলা অন্তৰ্ভুক্ত কৰা হৈছে । এইসমূহ হৈছে – গাৰ্ডেন, পাৰ্ক, ব্ৰিকলেণ্ড, ফৰেষ্ট হিল আৰু প্লেণ্টেছন । এই পাঁচটা অঞ্চলৰ পৰিকল্পনা কৰা হৈছে নাগৰিকসকলৰ সুস্থ জীৱন যাপনৰ প্ৰতি লক্ষ্য ৰাখি ।

এই চহৰৰ বাসিন্দাসকলৰ জীৱিকা বৃত্তিও হ’ব চহৰৰ কাষৰীয়া দুখন পৃথক জিলাত । পৰিকাঠামোৰ কাম হ’ব জুৰং ইন’ভেছন জিলাত । চহৰৰ বাণিজ্য কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হ’ব জুৰং লেক জিলাক ।

অৰণ্য নগৰীৰ সোঁমাজত থাকিব এশ মিটাৰ বহল ঘন অৰণ্য । যিয়ে চহৰৰ এটা প্ৰান্তৰ পৰা জলধাৰাক অন্য প্ৰান্তৰ প্ৰকৃতি সংৰক্ষণ ক্ষেত্ৰৰ স’তে সংলগ্ন কৰিব । এই বনভাগত বন্যপ্ৰাণী সংৰক্ষণৰ ব্যৱস্থা থাকিব । নাগৰিকসকলৰ প্ৰমোদ ভ্ৰমণৰ ব্যৱস্থাও থাকিব ইয়াত ।

স্মাৰ্ট চিটী ইণ্ডেক্সত বিশ্বৰ সৰ্ব্বপ্ৰথমত ছিংগাপুৰ । ‘এছিয়াৰ সেউজীয়া চহৰ’ হিচাপে খ্যাতিও লাভ কৰিছে ছিংগাপুৰে ।

অৱশ্যে ছিংগাপুৰৰ তেনগা স্মাৰ্ট চহৰত বতাহো বলিব পৰিকল্পনা অনুযায়ী । দেশৰ আবাসন আৰু উন্নয়ন বিষয়ক তত্বাৱধানকাৰী বোৰ্ডে জনায়, কম্পিউটাৰৰ সহায়ত চহৰৰ সকলোবোৰ গৃহ এনেদৰে নিৰ্মাণ কৰা হ’ব, যাতে বতাহৰ গতিবিধি নিয়ন্ত্ৰণ কৰিব পৰা যায় । লগতে তাপমাত্ৰাও নিয়ন্ত্ৰণ কৰা হ’ব ।

স্মাৰ্ট চহৰৰ পোহৰো হ’ব স্মাৰ্ট । জনশূণ্য অঞ্চলত নিজেই বন্ধ হৈ যাব স্মাৰ্ট লাইট । ফলত বিদ্যুতৰ ব্যৱহাৰো কমিব ।

ছিংগাপুৰৰ মুঠ বিদ্যুৎ নিৰ্বাহৰ এক তৃতীয়াংশ‌ই ব্যয় হয় শীত-তাপ নিয়ন্ত্ৰণত । অৰণ্য নগৰত বিদ্যুতৰ এই ব্যয় হ্ৰাস কৰিব পৰা যাব । আবাসন আৰু উন্নয়ন বোৰ্ডে জনাইছে, গোটেই চহৰখনত এটাই কেন্দ্ৰীয় তাপ নিয়ন্ত্ৰণকাৰী ব্যৱস্থা থাকিব । যিয়ে চহৰৰ প্ৰতিখন গৃহৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰিব । পৃথক পৃথক বাতানুকূল ব্যৱস্থা কৰাতকৈ ইয়াৰ দ্বাৰা বহু কম পৰিমাণে বিদ্যুৎ ব্যয় হ’ব ।

অৰণ্য নগৰীত আৱৰ্জনা সংগ্ৰহৰ বাবেও বিশেষ ব্যৱস্থা আছে । প্ৰদূষণ ৰোধ কৰিবৰ বাবে ইয়াত স্বয়ংক্ৰিয় আৱৰ্জনা সংগ্ৰহৰ ব্যৱস্থা থাকিব । প্ৰত্যেক গৃহৰ পৰা আৱৰ্জনা সংগ্ৰহ কৰি এক বিশেষ প্ৰক্ৰিয়াৰে মাটিৰ তলত পুতি দিয়া হ’ব ।

বিদ্যুতৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিবৰ বাবে তেনগাক স্মাৰ্ট এনাৰ্জী চহৰ হিচাপে নিৰ্মাণ কৰাৰো পৰিকল্পনা কৰা হৈছে । কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত এক ছফ্টৱেৰ চালিত প্ৰক্ৰিয়া কাৰ্যকৰী কৰাৰো পৰিকল্পনা কৰা হৈছে । এই প্ৰক্ৰিয়াত এটা এপৰ সহায়ত নাগৰিকসকলে তেওঁলোকৰ বিদ্যুৎ ব্যৱহাৰৰ হিচাপে পৰ্যৱেক্ষণ কৰিব পাৰিব আৰু নিয়ন্ত্ৰণো কৰিব পাৰিব ।

তেনগা অৰণ্য চহৰত পৰিণত হোৱাৰ পূৰ্বে শেষবাৰৰ বাবে তেনগা অৰণ্য ভ্ৰমণত গৈছিল ছিংগাপুৰৰ বনপ্ৰেমীসকল । তেওঁলোকে এই ভ্ৰমণক ‘তেগাক বিদায় জনোৱাৰ ভ্ৰমণ’ বুলি আখ্যা দিছিল । তেওঁলোকৰ প্ৰশ্ন, অৰণ্য জীৱনৰ এই সুযোগ কেৱল বিত্তবান লোকেই কিয় লাভ কৰিব ? কিয় সাধাৰণ নাগৰিকে এই চহৰত থকাৰ সুবিধা লাভ নকৰে ?

Exit mobile version