ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম  জিলিকিল ডিব্ৰুগড়ৰ 9 বছৰীয়া এগৰাকী কণ্যাৰ

bbbbbbbbbbb
◊ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম  জিলিকিল ডিব্ৰুগড়ৰ 9 বছৰীয়া এগৰাকী কণ্যাৰ।কোভিড মহামাৰী মাজতে ডিব্ৰুগড় বাসীৰ বাবে এই সুনাম কঢ়িয়াই আনিছে বৈৰাগীমঠ নিবাসী ৰিন্টু শৰ্মা আৰু লুনা দত্ত শৰ্মাৰ ৯ বছৰীয়া কন্যা সন্তান আৰাধ্যা শৰ্মাই।
◊বিজ্ঞানৰ Periodic table খন মাত্ৰ 15.09 চেকেণ্ডত মুখস্ত মাতি ভাৰত পৰ্যায়ত  নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় ডিব্ৰুগড় ডন বস্ক হায়াৰ চেকেণ্ডেৰী স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী আৰাধ্যাই।
◊উল্লেখ যে ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ১৭.৮৩ ছেকেণ্ড।আৰাধ্যাই এই অভিলেখ ভংগ কৰি নতুন অভিলেখ সৃষ্টি কৰি ৰাজ্য তথা ডিব্ৰুগড়লৈ এই সু-নাম কঢ়িয়ালে।উল্লেখ যোগ্য যে,অতি কম বয়সত এনে ৰেকৰ্ড কৰা দেশৰ প্ৰথমগৰাকী।
◊ইতিমধ্যে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ তৰফৰ পৰা মান পত্ৰ সহ বিশেষ সন্মানেৰে বিভূষিত কৰা হৈছে আৰাধ্যাক।কোভিড মহামাৰী আতংক সময়তো কণমানি আৰাধ্যাৰ এই সফলতাই ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিলে।
Exit mobile version