উচ্চ ন্যায়ালয়ৰ ৰায় অৱজ্ঞা কৰি ‘লিভ-ইন’ সম্পৰ্কক সুৰক্ষাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

barandbench import 2019 03 supreme court 22

লিভ-ইনত থকা পুৰুষ মহিলাসকলক প্ৰয়োজনীয় সুৰক্ষা দিয়াৰ আবেদন বিবেচনা কৰাৰ বাবে পাঞ্জাৱ আৰু হাৰিয়ানা আৰক্ষীক বিশেষ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে । দুই পৃথক সম্পৰ্কৰ ক্ষেত্ৰত এই নিৰ্দেশ দিয়া হৈছে। এইক্ষেত্ৰত পাঞ্জাৱ আৰু হাৰিয়ানা দুয়োখন উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত প্ৰভাৱিত হোৱা নাই বুলিও জনালে উচ্চতম ন্যায়ালয়ে।

আদালতৰ সূত্ৰ অনুসৰি, যোৱা মাহত নিম্ন ন্যায়ালয়ে জনাইছিল যে লিভ-ইন সম্পৰ্ক সামাজিক আৰু নৈতিকভাৱে স্বীকৃত নহয়। এনে ধৰণৰ প্ৰাপ্তবয়স্কসকলক সুৰক্ষা দিলে সামাজিক বন্ধনৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। সেইকাৰণে উচ্চ ন্যায়ালয়ে নিৰাপত্তা আবেদনক ব্যৱহাৰিক গুৰুত্ব দিব নিবিচাৰিছিল।

অধিবক্তা অভিমন্যু তিৱাৰীয়ে আদেশটোক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়লৈ গৈছিল। দুয়োটা ক্ষেত্ৰতে আবেদনখনত উল্লেখ কৰা হৈছে যে তেওঁলোক দুয়ো বিবাহ কৰিবলৈ ইচ্ছুক।

কিন্তু তেওঁলোকৰ পৰিয়ালে এই বিবাহ নিবিচাৰে। তেওঁলোককো হত্যাৰ ভাবুকি দিয়া হৈছিল । আবেদনৰ ভিত্তিত বিমান বিচাৰপীঠৰ ন্যায়াধীশ নবীন সিনহা আৰু অজয় ৰস্তোগীয়ে উল্লেখ কৰে যে সমগ্ৰ বিষয়টো নাগৰিকৰ স্বাধীনতা আৰু জীৱনৰ স’তে সম্পৰ্কিত।

ইফালে, দুয়োজন আবেদনকাৰীয়ে আৰক্ষীৰ পৰা সুৰক্ষা বিচাৰিছিল। উচ্চতম ন্যায়ালয়ে কয়, ”যিহেতু ই নাগৰিকৰ স্বাধীনতা আৰু জীৱনৰ স’তে সম্পৰ্কিত, আৰক্ষী অধীক্ষকে বিষয়টো গুৰুত্বসহকাৰে চোৱা উচিত আৰু আবেদনকাৰীসকলক তেওঁলোকৰ প্ৰয়োজনীয়তা অনুসৰি সুৰক্ষা প্ৰদান কৰা উচিত। নিৰ্দেশটোত এইটোও কোৱা হৈছিল যে এই ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ কোনো আদেশ প্ৰভাৱিত হোৱা নাছিল।

Exit mobile version