আয়কৰ ফাঁকি দিছে জেফ বেজ’ছ-এলন মাস্কে ! বিস্ফোৰক অভিযোগ ধনকুবেৰসকলৰ বিৰুদ্ধে

https cdn.cnn .com cnnnext dam assets 210608165842 bezos musk buffett split

বিশ্বৰ ঢনাধ্য ব্যক্তি অমেজনৰ চিফ এগজিকিউটিভ অফিচাৰ (চিইঅ’) জেফ বেজ’ছৰ পৰা আৰম্ভ কৰি টেছলাৰ চিইঅ’ এলন মাস্ক, ব্লুমবাৰ্গৰ প্ৰতিষ্ঠাপক মাইকেল সকলোৱে কেতিয়াবা নহয় কেতিয়াবা আয়কৰ ফাঁকি দিছে বুলি অভিযোগ উত্থাপন হৈছে । ইণ্টাৰ্নেল ৰেভিনিউ ছাৰ্ভিচ (আইআৰ‌এছ)ৰ তথ্য পৰ্যৱেক্ষণ কৰি এই অভিযোগ কৰিছে প্ৰ’পাব্লিকা নামে এক সংস্থাই ।

প্ৰ’পাব্লিকাৰ দাবী, ২০০৭ৰ পৰা ২০১১ পৰ্যন্ত কোনো আয়কৰ দিয়া নাই বেজ’ছে । মাস্কে ২০১৮ত আয়কৰ দিয়া নাই । ২০১৪ৰ পৰা ২০১৮ পৰ্যন্ত ৱাৰেন বাফে কৰ (ভাৰতীয় মুদ্ৰাত) দিছে প্ৰায় ১৭৩ কোটি টকা, যি তেওঁৰ আয়ৰ মাত্ৰ ০.১ শতাংশ । সম্প্ৰতি আয়কৰ দিয়া নাই ব্লুমবাৰ্গে ।

প্ৰ’পাব্লিকাৰ জনাইছে, আইআৰ‌এছ-ৰ এজন অধিকাৰীৰ পৰাই তেওঁলোকে এই তথ্য লাভ কৰিছে । অৱশ্যে কাৰ পৰা এই তথ্য লাভ কৰিছে জনোৱা নাই তেওঁলোকে ।

এই অভিযোগ প্ৰকাশ্যত অহাৰ পাছতে অৱশ্যে ব্যক্তিগত তথ্য ফাদিলৰ অভিযোগ উত্থাপন হৈছে । এই বিষয়ত আইআৰ‌এছ-ৰ কমিছনাৰ চাৰ্লছ ৰেটিগে কয়, ‘কেনেকৈ এই তথ্য ফাদিল হ’ল সেই বিষয়ে তদন্ত কৰা হ’ব । কাৰণ, প্ৰত্যেক আমেৰিকাবাসীৰ তথ্য গোপনৰ কথা আছে । এই তথ্য ফাদিল হোৱা সংস্থাৰ বাবে ক্ষতিকাৰক ।’

আয়কৰ ফাঁকি দিয়াৰ অভিযোগ উত্থাপিত হোৱাসকলৰ ভিতৰৰ বাফে, ব্লুমবাৰ্গে জনাইছে, তেওঁলোকে নিৰ্দিষ্ট আয়কৰ দিছে । বেজ’ছ আৰু মাস্কে এই বিষয়ত কোনো মন্তব্য কৰিব বিচৰা নাই ।

Exit mobile version