কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰলৈ পৰিলক্ষিত ভাগ্য উদয়ৰ প্ৰতীক ‘বগা হৰিণ’ৰ উপস্থিতি, উৎকণ্ঠিত প্ৰকৃতিপ্ৰেমী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৌভাগ্যৰে প্ৰাণীবিজ্ঞানৰ নৱতম সংযোজন হ’ব নেকি 'বগা হৰিণ প্ৰজাতি !'

1623237303284

বগা হৰিণ ওলাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত৷ আশ্চৰ্য্যৰ সমাহাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ পোহৰলৈ আহিছে আন এক আশ্চৰ্য্য৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তঃভাগত পৰিলক্ষিত হৈছে সম্পূৰ্ণ বগা ৰঙৰ বিৰল হৰিণা ৷ ইয়াৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানৰ এই নতুন প্ৰাণীকূলক লৈ আৰু অধিক উৎসুকতা বাঢ়িছে প্ৰকৃতিপ্ৰেমীৰ মনত ৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ সমীপৰ আমগুৰি চাহ বাগিচাৰ বাৰ নম্বৰ লাইনৰ কাষৰীয়া বনভুমিত আন আন হৰিণাৰ জাকৰ মাজতে আপোনমনে চৰি থকা পৰিলক্ষিত হৈছে এটি শুদ্ধ বগা হৰিণ ৷ কিছুদিন পূ্ৰ্বে কাজিৰঙাত বগা বাঘৰ উপস্থিতিয়ে সমগ্ৰ বিশ্বৰ প্ৰকৃতিপ্ৰেমীৰ মাজত খলকনি তোলাৰ পাছতে এইবাৰ আকৌ বগা হৰিণাৰ উপস্থিতিয়ে প্ৰাণীজগতৰ এক নতুন দিশ উন্মোচিত কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনত ৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ সমীপৱৰ্তী একাংশ লোকে এই বগা হৰিণ প্ৰত্যক্ষ কৰাৰ পাছতে সেই স্থানত উপস্থিত হোৱাত দেখাপোৱা গৈছিল শুদ্ধ বগা বৰণৰ এটি হৰিণ ৷ আন হৰিণৰ জাকৰ মাজতে সন্তপৰ্ণে আৰু আপোন মনে ঘাঁহ খাই চৰি আছিল শুদ্ধ বগা বৰণৰ হৰিণটো ৷ কিন্তু মানুহৰ উপস্থিতিৰ উমান পায়েই ই ঢাপলি মেলিছিল ঘন অৰণ্যৰ মাজলৈ ৷

আমগুৰি চাহ বাগিচাৰ সমীপৰ ঘাঁহনিৰ মাজত কালি আবেলিৰ সময়ত এই বগা হৰিণ দেখাৰ পাছতে মনলৈ প্ৰশ্ন আহিছে যে, এয়া হৰিণৰ কোনো নতুন অথবা লুপ্তপ্ৰায় প্ৰজাতি নেকি ! নে বংশগতিৰ চৰম পৰিবৰ্তন ? নাইবা কোনো জেনেটিক বৈষম্যৰ ফলতেই বগা বৰণৰ হৈ পৰিছে নেকি এই হৰিণ ? আৰু এই সকলো প্ৰশ্ন যদি অসত্য প্ৰমাণিত কৰি কাজিৰঙাত বিৰল প্ৰজাতিৰ বগা হৰিণৰ উপস্থিতি ধৰা পৰে বা প্ৰমাণিত হয় তেন্তে ই হ’ব এক বিৰল ঘটনা তথা ৰাষ্ট্ৰীয় উদ্যান তথা বিশ্বৰ প্ৰকৃতিপ্ৰেমী তথা বন্যপ্ৰাণীপ্ৰেমীৰ বাবেই ইতিবাচক সু-খবৰ ৷ ইয়াৰ লগেলগে ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ তালিকাত সংযোজিত হ’ব ‘বগা হৰিণ’ নামৰ এক নতুন প্ৰজাতিৰ হৰিণৰ নাম ৷

বিশ্বৰ প্ৰাণীজগত তথা প্ৰাণীবিজ্ঞানৰ তালিকাতো হয়তো ই হ’ব নৱতম সংযোজন৷ কিন্তু ইয়াৰ বাবে প্ৰয়োজন হ’ব সঠিক দিশৰ অনুসন্ধান আৰু অধ্যয়নৰ ৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে ২০১০ চনৰ সময়তে ৰাষ্ট্ৰীয় উদ্যানখনত কম সময়ৰ বাবে প্ৰত্যক্ষ কৰিছিল বুলি কৈছিল এই বিৰল বগা হৰিণ ৷ কিছু বছৰ পূৰ্বে আমগুৰি অঞ্চলৰে কিছু নিলগত একাংশ লোকে আন এটা বগা হৰিণ দেখাৰ কথাও প্ৰকাশ কৰিছে এই প্ৰতিবেদকৰ সন্মুখত ৷ অৱশ্যে কোনো ফটো তুলিব পৰা নাছিল সেই সময়ত ৷

লোকসমাজৰ এক জনশ্ৰুতি মতে, যিসকল লোকে এই বগা হৰিণ দেখা পায় সেইসকলৰ ভাগ্য সুপ্ৰসন্ন হোৱাৰ লগতে জীৱনে এক ইতিবাচক গতি লাভ কৰে৷ বগা হৰিণ হেনো ভাগ্য উদয়ৰ প্ৰতীক ৷ এয়া অৱশ্যে এক মুখবাগৰা সাধুকথাহে ৷ বগা হৰিণক লৈ কাজিৰঙাৰ দাঁতিকাষৰীয়া জনসাধাৰণৰ মাজত আছে বহু লোককথাও ৷ কিন্তু এতিয়া সঁচাকৈয়ে এই বগা হৰিণৰ উপস্থিতিয়ে কাজিৰঙালৈ ভাগ্য উদয়ৰ ইংগিত দিয়াৰ বিশ্বাসো গঢ় লৈ উঠিছে বগা হৰিণৰ উপস্থিতিৰ কথা প্ৰকাশ পোৱাৰ লগে লগেই ৷

প্ৰাণীবিজ্ঞানীসকলৰ মতে, বহু সময়ত বিভিন্ন কাৰণত জীন বা বংশগতিৰ পৰিৱৰ্তন বা আগতি জীনৰ বাবেও এই বৰণ হ’ব পাৰে হৰিণকে ধৰি আন আন বন্যপ্ৰাণীৰ ৷ অৱশ্যে জীৱ জগতৰ নৱতম সংযোজনৰ কথাটোও একে আষাৰে নুই কৰিব নোৱাৰি ৷ প্ৰাণীবিজ্ঞানীসকলৰ ভাষাত ALBINO বা শ্বেত চৰ্মৰ প্ৰাণী বুলিও অভিহিত কৰিব পাৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰিলক্ষিত এই বগা হৰিণক ৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিকাষৰীয়া ৰতন ভুমিজে প্ৰকাশ কৰা অনুসৰি, সেই অঞ্চলত প্ৰথমবাৰৰ বাবে দেখা পাইছে এই হৰিণাবিধ ৷ যাক লৈ এতিয়া উৎসুকতা বাহিছে সকলোৰে মনত ৷ বংশগতি, জীনৰ পৰিৱৰ্তন বা আগতি জীনৰ উপস্থিতি যি কাৰণেই নহওক কিন্তু এতিয়া এই বগা হৰিণা বা শ্বেত হৰিণাক লৈ উৎসাহ আৰু উৎসুকতা বাঢ়িছে প্ৰকৃতিপ্ৰেমীৰ মনত ৷ জীৱবিজ্ঞানৰ তালিকাত যদি এই ‘বগা হৰিণ’ নৱতম সংযোজন হিচাপে প্ৰমাণিত হয় তেন্তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবেও ই হ’ব এক সৌভাগ্যৰ বিষয় ৷

Exit mobile version