কৰ্মচাৰীৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকক টিকাকৰণ কৰাৰ আবেদন কোল ইন্ডিয়াৰ

750351 coalindia 041218

কৰ’নাত আক্ৰান্ত হৈ সংস্থাৰ প্ৰায় ৪০০ কৰ্মীৰ মৃত্যু হৈছে। সেয়েহে কেন্দ্ৰৰ ওচৰত কোম্পানীটোৰ কৰ্মচাৰীসকলক টিকাকৰণ কৰিবলৈ আহ্বান জনাইছে কোল ইন্ডিয়াই ।

এই মুহূৰ্তত কোল ইণ্ডিয়াৰ কৰ্মচাৰীৰ সংখ্যা প্ৰায় দুই লাখ ৫৯হেজাৰ । এতিয়ালৈকে প্ৰায় ৬৪হেজাৰ শ্ৰমিকক টিকাকৰণ কৰা হৈছে। কোম্পানীটোৱে নৰেন্দ্ৰ মোডী চৰকাৰক ১০ লাখ ভেকছিন দিবলৈ অনুৰোধ জনাইছে । আবেদনখনৰ উদ্দেশ্য কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলক যাতে টিকা দিয়া হয় ।

এই সন্দৰ্ভত কোল ইন্ডিয়াৰ এটা শ্ৰমিক সংগঠন’ অখিল ভাৰতীয় মজদুৰ সংঘ’ৰ সাধাৰণ সম্পাদক সুধীৰ ঘুৰ্ডে কয়, “চৰকাৰে বৃহৎ টিকাকৰণ কৰ্মসূচীৰে কৰ্মীসকলক আৰু তেওঁলোকৰ পৰিয়ালৰ সকলোকে টিকাকৰণ কৰিলেহে সমস্যাৰ সমাধান হব ।”

তলাবন্ধৰ সময়তো কাম কৰিব লগা হৈছে কোল ইন্ডিয়াৰ কৰ্মীসকলে। কাৰণ ভাৰতৰ বিদ্যুৎ উৎপাদনৰ ৭০ শতাংশই হয় কয়লাৰ পৰা । গতিকে এই কোম্পানীৰ কৰ্মচাৰীসকলে কাম কৰিব লগা হৈছিল যদিও আন সেৱাসমূহ বন্ধ কৰা হৈছিল আৰু এই কাম কৰোঁতেই কৰ’নাত আক্ৰান্ত হৈছিল প্ৰায় ছয় হেজাৰ শ্ৰমিক । এক হাজাৰৰো অধিক কৰ্মচাৰীক এতিয়াও চিকিৎসা কৰা হৈছে। সেইকাৰণে কোল ইণ্ডিয়াই এইবাৰ টিকাকৰণ ৰ গতি বৃদ্ধিৰ বাবে আবেদন জনাইছে।

Exit mobile version