তামুলপুৰৰ ভূটান সীমান্তত উন্নয়নৰ নগ্ন স্বৰূপ, মটঙা নৈৰ ওপৰত নহ’ল এখন দলং

বাৰিষাৰ ভৰা নৈৰ বুকুয়েদী ভয়ংকৰ যাতায়ত

Screenshot 2021 06 08 18 34 29 20 2

তামুলপুৰ মহকুমাৰ ভূটান সীমান্তত উন্ননয়ৰ এক নগ্ন স্বৰূপ। দেশ স্বাধীন হােৱাৰ ৭৪ বছৰ পাছতাে ভূটান সীমান্তৰ কুমাৰীকাটা- কাউলী গড়কাপ্তানী পথৰ মাজেৰে বৈ যােৱা মটঙা নৈৰ ওপৰত এখন পকী দলং নির্মান নকৰাত সম্প্রতি যাতায়তৰ ক্ষেত্ৰত দুর্ভোগ ভূগি আহিছে সীমান্তৰ হেজাৰ হেজাৰ লােকে।

বাৰিষা আহিলেই অধিক দূর্বিসহ হৈ পৰে অঞ্চলটোৰ যাতায়ত ব্যৱস্থা। ভৰ বাৰিষা নৈৰ পানী বঢ়াৰ পােৱাৰ লগে লগে বন্ধ হৈ পৰে যাতায়ত। সম্প্রতি দলং নথকাৰ বাবেই বাৰিষাৰ আৰম্ভনিতে ভূটান পাহাৰৰ পৰা বৈ অহা মটঙা নৈৰ কোবাল সোঁতৰ মাজেদি বিপদসংকুল ভাৱে যাতায়ত কৰিব লগা হৈছে স্থানীয় ৰাইজে। বাইকৰ ওপৰত মানুহ নহয় মানুহৰ কান্ধত বাইক উঠাই ভৰা নৈ পাৰ কৰিব লগা হৈছে দুচকীয়া বাহন,চাইকেল আদি।

বাৰিষাৰ আগমনৰ লগে লগে তামুলপুৰ মহকুমাৰ ভূটান সীমান্তত সুলভ হৈ পৰে এনে ভয়াবহ দৃশ্য। আনহাতে এনে বিপদ সংকুল যাতায়তত অলপ ভুল মানেই হ’ব পাৰে ভয়ংকৰ অঘটন৷ স্থানীয় ৰাইজৰ অভিযােগ বিগত সময়ছােৱাত ৰাজ্যত বহু চৰকাৰ আহিল আৰু গ’ল। কিন্তু আজিলৈ কোনাে এখন চৰকাৰেই মটঙা নৈৰ ওপৰত এখন স্থায়ী পকী দলং নিৰ্মানৰ ব্যৱস্থা নকৰিলে।

কেৱল নির্বাচনৰ সময়ত ৰাইজক মুখ দেখুওৱা জনপ্ৰতিনিধি সকলেও নললে কোনাে পদক্ষেপ। কুমাৰীকাটা -কাউলী সংযােগী অতি গুৰুত্বপূৰ্ণ পথটোৰ মাজত থকা মটঙা নৈৰ ওপৰত আজিলৈ এখন পকী দলং নির্মান নােহােৱাত ফলত সীমান্তৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে অতি বিপদসংকুল ভাৱে অব্যাহত ৰাখিছে যাতায়ত।

স্থানীয় ৰাইজে জনােৱা মতে, ইতিমধ্যে ভৰ বাৰিষা মটঙা নৈ পাৰ হ’বলৈ যাওঁতে নৈৰ প্রবল সোঁতে উটুৱাই নিয়াত কেবাজনাে লােকৰ মৃত্যুও হৈছে। আনহাতে দলং নথকাৰ বাবে বাৰিষা কুমাৰীকাটা-কাউলী পথেৰে যাতায়ত ব্যৱস্থা ব্যাহত হৈ এম্বুলেন্স সেৱা বন্ধ হৈ গৰ্ভৱতী মহিলাৰ লগতে আন আন দুৰাৰােগ্য ৰােগত আক্রান্ত লােকৰ উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু ঘটিছে বুলিও বুলিও একাংশ লােকে জানিবলৈ দিছে।

বিগত সময়ছােৱাত স্থানীয় ৰাইজে ৰাজ্য চৰকাৰ, বিটিচি চৰকাৰ, স্থানীয় বিধায়ক, সাংসদ, কাৰ্যবাহী সদস্য, এমচিএলক বাৰম্বাৰ অনুৰােধ কৰাৰ পাছতাে মটঙা নৈৰ ওপৰত এখন পকী দলং নির্মান নকৰাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ ৰাজ্যৰ মুখ্য মন্ত্রী ড: হিমন্ত বিশ্ব শর্মা তথা বিটিচি প্রধান প্রমােদ বড়ােলৈ বিনম্ৰ অনুৰােধ কৰে যে অঞ্চলটোত এখন পকী দলং নির্মান কৰি যাতায়ত ব্যৱস্থা সুচল কৰি দিয়ক।

Exit mobile version