ধন জালিয়াতিৰ গােচৰত সাত বছৰৰ কাৰাদণ্ড মহাত্মা গান্ধীৰ আজো নাতিনীক

lata

ভাৰতক স্বাধীন কৰিবলৈ বহুবাৰ কাৰাগাৰলৈ গৈছিল মহাত্মা গান্ধী। আনকি দক্ষিণ আফ্রিকাত থকাৰ সময়তাে বর্ণ বিদ্বেষৰ বিৰুদ্ধে আন্দোলনত নামি মহাত্মা কাৰাগাৰলৈ গৈছিল।

এইবাৰ আফ্রিকাতে সাত বছৰৰ কাৰাদণ্ডৰ শাস্তি লাভ কৰিবলৈ মহাত্মাৰ আজো নাতিনী আশিষ লতা ৰামগােবিনে। মহাত্মাৰ নাতিনী এলা গান্ধীৰ কন্যা আশিষ কাৰাদণ্ডৰ ৰায় দিলে ডাৰবানৰ এখন আদালতে।

অৱশ্যে কোনাে আন্দোলনত জড়িত হােৱাৰ বাবে নহয়, ৬.২ নিযুত ৰেণ্ড অর্থাৎ ভাৰতীয় মুদ্রাত ৩.৩৩ কোটি টকাৰ জালিয়াতিৰ অভিযােগত সাত বছৰৰ কাৰাদণ্ড বিহিলে আদালতে।

আন্তর্জাতিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০১৫ বৰ্ষত এছ আৰ মহাৰাজ নামৰ এজন ব্যৱসায়ীৰ পৰা ভুৱা নথিপত্র প্রদর্শনৰে উক্ত ধনৰাশি আশিষে সৰকাইছিল।

সেই সময়ত বিত্তীয় সংকটত ভােগা বুলি মহাৰাজক অৱগত কৰি এই ধন আশিষে ধাৰলৈ লৈছিল। উক্ত ধন বস্ত্র ব্যৱসায়ত বিনিয়ােগ কৰি ইয়াৰ পৰা অৰ্জন কৰা মুনাফা মহাৰাজকো দিয়াৰ প্রতিশ্রুতি আশিষে দিছিল।

কিন্তু উক্ত ধনৰাশি আশিষে ওভতাই নিদিয়াত মহাৰাজে আদালতৰ দ্বাৰস্থ হৈছিল। এই গােচৰৰে বিচাৰ চলাই ডাৰবানৰ আদালতে আশিষক দোষী সাব্যস্ত কৰি সাত বছৰৰ কাৰাদণ্ডৰ ৰায় দিলে।

Exit mobile version