বিহাৰত কেন্দ্ৰীয় মন্ত্ৰীৰ ঘৰৰ কাষৰ বেংকৰ পৰাই এক কোটি ১৯ লাখ টকা ডকাইতি

Armed men robbed banks in broad daylight in Bihar looted scaled 1

বিহাৰৰ হাজিপুৰত দিনৰ ভাগত ৰাজহুৱা পথত এটা বেচৰকাৰী বেংকৰ পৰা এক কোটি ১৯ লাখ টকা ডকাইত কৰি পলায়ন কৰে দুষ্কৃতিকৰি।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে হাজিপুৰৰ যদুহা অঞ্চলৰ এটা ব্যক্তিগত বেংকত পাঁচজন দুৰ্বৃত্তই অভিযান চলাইছিল। তেওঁলোকৰ প্ৰত্যেকৰে হাতত অস্ত্ৰ আছিল । বেংকটো কেন্দ্ৰীয় গৃহমন্ত্ৰী নিত্যানন্দ ৰায়ৰ ঘৰৰ ওচৰত আছে।

পাঁচ দুৰ্বৃত্তই বেংকত প্ৰৱেশ কৰি প্ৰথমে কৰ্মচাৰী আৰু গ্ৰাহকসকলক ভাবুকি প্ৰদান কৰে। তাৰ পাছত তেওঁলোকে টকা থোৱা কোঠাত থকা এক কোটি ১৯ লাখ টকা এটা মোনাত ভৰাই বাইকত পলাই যায়।

ডকাইতিৰ পাছত আৰক্ষীক খবৰ দিয়া হয়। তেওঁলোকে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। হাজিপুৰৰ চাৰিওফালৰ সীমান্ত বন্ধ কৰি দিয়া হৈছে। দুৰ্বৃত্তৰ সন্ধান আৰম্ভ কৰা হৈছে।

আৰক্ষীয়ে কৈছিল যে বেংকৰ চিচিটিভি কেমেৰাই ডকাইতিৰ গোটেই দৃশ্যটো বন্দী কৰিছে। যদিও দুষ্কৃতিকাৰীৰ মুখ ঢাকি থকাৰ বাবে তেওঁলোকক চিনাক্ত কৰাত সমস্যা হৈছে বুলি আৰক্ষী জানিবলৈ দিয়ে।

Exit mobile version