ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে। বুধবাৰে নিশা ড্ৰাগছ সহ এগৰাকী মহিলা গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, সৰ্বনাসী ড্ৰাগছৰ বেহাত নামি পৰিছে ধুবুৰীৰ একাংশ মহিলা। একাংশ দম্পত্তিয়ে উপাৰ্জনৰ পথ হিচাপে বাছি লৈছে এতিয়া ড্ৰাগছৰ বেহা। তেনে এটা দম্পত্তি ড্ৰাগছৰ বেহাৰ স’তে জড়িত থকাৰ এক গোপন তথ্য লাভ কৰে ধুবুৰী আৰক্ষীয়ে।
দীর্ঘ দিনে বগুলামাৰী অঞ্চলৰ ছিদ্দিক আলী নামৰ এজন লোকে নিজ পত্নীৰ সহযোগত ড্ৰাগছৰ বেহা চলাই গৈছিল। তেনে সময়তে ধুবুৰী আৰক্ষীৰ দল এটাই বুধবাৰে নিশা ছিদ্দিক আলীৰ ঘৰত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ জাতীয় টেবলেট।
যদিওঁ আৰক্ষীৰ উমান পাই পলায়ন কৰে ড্ৰাগছ মাফিয়া ছিদ্দিক আলী। ইপিনে ড্ৰাগছৰ বেহাৰ স’তে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছিদ্দিক আলীৰ পত্নীক।
আৰক্ষীয়ে ছিদ্দিকৰ পত্নীক জেৰা কৰাৰ অন্তত ধুবুৰী আদালতত হাজিৰ কৰাত আদালতে জেল হেজতলৈ প্ৰেৰণ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।






























