ওজন হ্রাস কীমৰ, শেহতীয়া ফটোক লৈ পুনৰ চর্চিত উত্তৰ কোৰিয়াৰ শাসক

60bf7ebb93c6fa00195e5afc

উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শাসক কীম জং উন আকৌ এবাৰ সংবাদ শিৰােনামলৈ আহিছে। শেহতীয়াভাৱে সংবাদ মাধ্যমত উত্তৰ কোৰিয়াৰ শাসকজনৰ এখন ফটো প্রকাশ পাইছে আৰু এই ফটোত কীমক যথেষ্ট খীন আৰু দুর্বল যেন লাগিছে।

দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যম এন কে নিউজে উত্তৰ কোৰিয়াৰ শাসকৰ বৰ্তমানৰ ফটোৰ স’তে পূৰ্বৰ ফটোৰ তুলনা কৰি কীম অসুস্থ হােৱা বুলি সন্দেহ কৰিছে।

শাৰীৰিক অসুস্থতাৰ ফলত বিগত সময়ছােৱাত কীম যথেষ্ট খনালে বুলি এন কে নিউজে দাবী কৰিছে। এই ছবিখনত কীমে হাতত পিন্ধা ঘড়ীটোক লৈও এক চর্চা চলিছে।

কীমে পৰিধান কৰা ঘড়ীটোৰ মূল্য ১২,০০০ ডলাৰ যদিও মূল্যৰ বাবে ইয়াক লৈ চর্চা হােৱা নাই। দৰাচলতে এই ঘড়ীটো কীম খীননাৱাৰ ফলত তেওঁৰ হাতত যথেষ্ট ঢিলা হৈছে। ঘড়ী ঢিলা হােৱাৰ কাৰণ প্ৰদৰ্শনৰেও কীম যথেষ্ট খীনাইছে বুলি দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমে দাবী কৰিছে।

স্মর্তব্য যে যােৱা নৱেম্বৰত কীমৰ ওজন ১৪০ কিলােগ্ৰামলৈ বৃদ্ধি পাইছিল বুলি দক্ষিণ কোৰিয়াৰ চোৰাংচোৱাই তথ্য নিশ্চিত কৰিছিল। ২০১১ ত উত্তৰ কোৰিয়াৰ ক্ষমতা লাভৰ পাছত কীমে শৰীৰৰ ওজন ৫০ কিলােগ্রাম বৃদ্ধি কৰিছিল।

কিন্তু বিগত কেবামাহ ধৰি কীম অসুস্থ আছিল আৰু ইয়াৰ ফলত তেওঁৰ শৰীৰৰ ওজন যথেষ্ট হ্রাস পায় বুলি দক্ষিণ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমে দাবী কৰিছে। অৱশ্যে উত্তৰ কোৰিয়াই কীমৰ অসুস্থতাৰ সন্দৰ্ভত বর্তমানলৈকে কোনাে তথ্য প্রকাশ কৰা নাই।

Exit mobile version