ভাৰত-বাংলা সীমান্তত সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)য়ে বৃহস্পতিবাৰে এজন সন্দেহজনক চীনা অনুপ্রৱেশকাৰীক গ্রেপ্তাৰ কৰে। পশ্চিমবংগৰ মালদা জিলাৰ সমীপৰ সীমান্তত সন্দেহজনক কার্যকলাপৰ বাবে গ্রেপ্তাৰ কৰা বুলি বি এছ এফৰ বিষয়ববীয়াই সদৰী কৰে।
ধৃত চীনা লােকজনৰ হাতত আছিল চীনা পাছপ’র্ট বাংলাদেশী ভিছা, এটা লেপটপ, তিনিখন ছিমকার্ড। তেওঁৰ নাম হৈছে হান জুনৱেই। সম্প্রতি তেওঁক জেৰা কৰি থকা হৈছে। চীনা অনুপ্রৱেশকাৰী হানে ইংৰাজী ভাষাত অজ্ঞতা প্রকাশ কৰিছে।
মালদাৰ সীমান্তৰে ড্ৰাগছ, অস্ত্র, গৰুৰ চোৰাং ব্যৱসায়ৰ লগতে অবৈধ অনুপ্রৱেশ অব্যাহত আছে। হানৰ স’তে আৰু কোনাে লােক অবৈধভাৱে ভাৰতৰ সীমান্তত প্ৰৱেশ কৰিছে নেকি সেয়া খুটিয়াই চাইছে নিৰাপত্তা সংস্থাই।