কৰ’নাকালত সাহাৰ্য্যৰ হাত আগবঢ়ালে অজয় দেৱগনে, টিকাকৰণৰ শিবিৰ আয়োজন কৰিলে অভিনেতাগৰাকীয়ে

b4bd993cc5925116416cf76b06bdfc7f

কৰ’নাৰ সময়ত মুম্বাইত টিকাকৰণৰ শিবিৰ আয়োজন কৰিছে অভিনেতা অজয় দেৱগনে । যোৱা শুক্ৰবাৰে মনোৰঞ্জন আৰু সংবাদ মাধ্যমৰ কৰ্মচাৰীসকলৰ টিকাকৰণৰ ব্যৱস্থা কৰিছিল অভিনেতাগৰাকীয়ে।

এইটো প্ৰথম বাৰৰ বাবে নহয় । পূৰ্বতেই অজয়ে মানুহৰ কাষত থিয় দিছিল। অভিনেতাজনে বৃহন্মুম্বাই নিগম আৰু হিন্দুজা চিকিৎসালয়ৰ স’তে লগ হৈ কৰ’না আক্ৰান্তসকলৰ বাবে জৰুৰীকালীন চিকিৎসা আৰু আইচিইউ আন্তঃগাঁথনি প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে ।

ৰাজকুমাৰ হিৰাণী, কৰণ জোহৰ আৰু মহাবীৰ জৈনৰ দৰে প্ৰযোজকসকলেও বলীউডৰ কৰ্মচাৰীসকলক বিনামূলীয়া টিকাকৰণ প্ৰদানৰ ব্যৱস্থা কৰি দিয়ে।

যশৰাজ ফিল্মছৰ অধ্যক্ষ আৰু পৰিচালক আদিত্য চোপ্ৰাই উদ্যোগটোৰ সকলো কৰ্মচাৰীক টিকাকৰণ কৰিবলৈ আগবাঢ়ি আহিছে। তেওঁ ইতিমধ্যে প্ৰযোজনা প্ৰতিষ্ঠানৰ মুম্বাই ষ্টুডিঅ’ক এটা টিকাকৰণ কেন্দ্ৰলৈ পৰিৱৰ্তন কৰিছে ।

Exit mobile version