দিল্লীত ক’ভিড নিষেধাজ্ঞা শিথিল কৰিছে কেজৰীৱালে, সোমবাৰৰ পৰা খুলিব বজাৰ-হাট

20210415 DLI SHK MN Weekly market 01 02 1623551906392 1623551923681

দৈনিক সংক্ৰমণ আৰু সংক্ৰমণৰ হাৰ দুটাই নিয়ন্ত্ৰিত ৰাজধানী দিল্লীত । ইয়াৰ ভিত্তিতে দিল্লীত ক’ভিড নিষেধাজ্ঞা কিছু শিথিল কৰিলে অৰবিন্দ কেজৰিৱাল চৰকাৰে । সোমবাৰৰ পৰা এই আইন কাৰ্যকৰী হ’ব । দেওবাৰে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । অৱশ্যে, জনসমাগম আৰু বিদ্যালয়, মহাবিদ্যালয়সহ কিছু ক্ষেত্ৰত ক’ভিড নিষেধাজ্ঞা অটুট থাকিব বুলি তেওঁ জনায় ।

কি কি ক্ষেত্ৰত শিথিলতা দিয়া হৈছেঃ

● সোমবাৰৰ পৰা সকলো বজাৰ, মল খুলিব ।
● ৫০ শতাংশ কৰ্মীৰে খুলিব পাৰিব ৰেস্তোৰাঁ ।
● সাপ্তাহিক বজাৰো খুলিব সোমবাৰৰ পৰা । প্ৰত্যেক অঞ্চলত একোখনকৈহে বজাৰ খুলিব পাৰিব ।
● জৰুৰী সেৱা অব্যাহত থাকিব ।
● পুৱা ন বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈকে ৫০ শতাংশ কৰ্মীৰে বেচৰকাৰী প্ৰতিষ্ঠান খুলিব পাৰিব ।
● পুৱা ১০ বজাৰ পৰা নিশা আঠ বজা পৰ্যন্ত খোলা থাকিব বজাৰ, মল ।
● বিয়া, শ্ৰাদ্ধ আদি অনুষ্ঠানত ২০ জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব ।

কি কি নিষিদ্ধঃ

● বিদ্যালয়, মহাবিদ্যালয় বন্ধ থাকিব ।
● বৃহৎ পৰিমাণৰ জনসমাগম হ’ব নোৱাৰিব ।
● চলচ্চিত্ৰ গৃহ, মাল্টিপ্লেক্স, সাঁতোৰ কেন্দ্ৰ খেলা স্থান বন্ধ থাকিব ।
● জীম, যোগাকেন্দ্ৰ, পাৰ্ক বন্ধ থাকিব ।
● হোটেল বা ৰেস্তোৰাঁত বিবাহ বা অন্য অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব ।

Exit mobile version