ধুবুৰী অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ হাফিজুৰ ৰহমানৰ গাড়ী চালক জুলফিকাৰ আলম মণ্ডল ওৰফে জুল নামৰ যুৱক জনে চিকিৎসকৰ গাড়ী চলোৱাৰ লগতে সমান্তৰাল কৈ কৰি গৈছিল ড্ৰাগছৰ বেহা।
ADVERTISEMENT
এক গোপন খবৰৰ ভিত্তিত ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জয়ন্ত দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলায় ধুবুৰীৰ ঝগৰাৰ পাৰ দ্বিতীয় খণ্ড গাঁওত।
অভিযানত জুলফিকাৰ আলম ওৰফে জুলৰ জিম্মাৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট, নগদ ধন আৰু ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জুলফিকাৰক। লগতে তেওঁৰ স্কুটি এখনো জব্দ কৰে আৰক্ষীয়ে।
সম্প্ৰতি জুলফিকাৰৰ স’তে জড়িত থকাৰ তথ্য উদঘাতনৰ বাবে জেৰা চলাইছে ধুবুৰী আৰক্ষীয়ে।