অনস্ক্ৰীণত ‘মা সীতা’ ভূমিকাত অভিনয় কৰাৰ বাবে ১২ কোটি টকাৰ মাচুল দাবী অভিনেত্ৰী কৰিনা কাপুৰ খানৰ । এই খবৰ বিয়পি পৰাৰ লগে লগে সামাজিক মাধ্যমত আৰম্ভ হ’ল ‘বয়কট কৰিনা খান’ৰ আহ্বান ।
ৰামায়ণক ৰূপালী পৰ্দালৈ আনিবলৈ সাজু হৈছে পৰিচালক অলৌকিক দেশাই ।ছবিখনত সীতাৰ বাবে প্ৰস্তাৱ দিয়া হৈছে কৰিনা কাপুৰ খানক।সেইকাৰণে ১২ কোটি টকাৰ মাচুল বিচাৰিছে অভিনেত্ৰীগৰাকীয়ে !
এই বাবে এতিয়া ক্ষুব্ধ হৈছে সামাজিক মাধ্যমৰ একাংশ। টুইটাৰত এতিয়া ট্ৰেণ্ডিঙত আছে #BoycottKareenaKhan প’ষ্ট । কোনোৱে লিখিছে এজন ড্ৰাগআসক্ত ব্যক্তিয়ে কেনেকৈ মাতৃ সীতাৰ চৰিত্ৰত অভিনয় কৰিব পাৰে ?
কোনোৱে কৈছে ইয়াৰ বাবে কংগনা ৰাণৌৱতক প্ৰস্তাৱ দিয়া উচিত। একাংশৰ কটাক্ষ, সীতা নহয় সুৰ্পনসাৰ ভূমিকাত মিলিব কৰিনাক। কাৰোবাৰ প্ৰশ্ন, টাইমুৰৰ মাক কেনেকৈ সীতা হ’ব পাৰে ?
এটা সূত্ৰই জনাইছে , সাধাৰণতে ছয়ৰ পৰা আঠ কোটি টকাৰ মাচুল নিবিচাৰে কৰিনা কাপুৰে কিন্তু পিৰিয়ড ড্ৰামা’ত আঠৰ পৰা ১০ মাহ সময় দিব লাগিব। প্ৰস্তুতিও বিস্তৃত। সেইকাৰণে অতিৰিক্ত পাৰিশ্ৰমিক দাবী কৰিছে অভিনেত্ৰীগৰাকীয়ে। অৱশ্যে এই সন্দৰ্ভত প্ৰযোজক বা অভিনেত্ৰীৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি পোৱা নাই।