কলহী নৈয়ে খহাই নিলে গড়কাপ্টানী পথ

ঠিকাদাৰ আৰু লোকেল দালালে নাটকীয় ৰূপেৰে গৰাখহনীয়া বান্ধাৰ কাম বন্ধ কৰাৰ অভিযোগ ৰাইজৰ

পলাশবাৰী সমষ্টিৰ সাপৰটাৰী কলহীপাৰত তীব্ৰ খহনীয়া । বাৰিষাৰ বাঢ়নী পানী নৌহ‌ওঁতেই ছয়গাঁও-সাপৰটাৰী গড়কাপ্টানী পথত চলিছে তিব্ৰ খহনীয়া । যিকোনো মুহূৰ্ততে যাহ যাব পাৰে প্ৰায় ১০ খনকৈ গাঁও । কলহী নৈৰ এই খহনীয়াৰ ফলতেই গাঁৱৰ ৰাইজৰ যাতায়ত যোগাযোগ বিছিন্ন হৈ পৰিব ।

পলাশবাৰী-গুমী প্ৰকল্পৰ অন্তৰ্গত সাপৰটাৰীৰ মাকেলিৰ কলহী নৈৰ খহনীয়াৰ বাবে ৰাজ্য চৰকাৰে অনুমোদন কৰিছিল ৭০ লাখ টকা । কিন্তু ঠিকাদাৰ অনিল ঠাকুৰীয়া আৰু লোকেল দালালৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ ।

এনেদৰে খহনীয়া চলি থাকিলে উচ্চ প্ৰাৱল্যৰ বিদ্যুতৰ খুটা উঘালি পৰাৰ আশংকা জনসাধাৰণৰ । ফলক নোহোৱাকৈ আঁচনিৰ কাম চলি থকাত ৰাইজৰ সন্দেহ আনহাতে ঠিকাদাৰ অনিল ঠাকুৰীয়া আৰু লোকেল দালালে মিলি জি.অ’ বেগত ব্ৰহ্মপুত্ৰৰ পলসুৱা মাটিৰ সলনি খেতি পথাৰৰ মাটি ব্যৱহাৰ কৰা অভিযোগ ৰাইজৰ ।

বিষয়টোৰ সন্দৰ্ভত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ হস্তক্ষেপ দাবী ৰাইজৰ অতি শীঘ্ৰে এনে ঠিকাদাৰ আৰু দালালসকলক নাকি লগাবলৈ অনুৰোধ ৰাইজৰ ।

Exit mobile version