আজি ধুবুৰী জিলাৰ উপায়ুক্ত অন্বামুথন এম পিয়ে জিলাখনৰ মতিৰচৰ অঞ্চলত ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন কৰে ৷
মতিৰচৰত হোৱা খহনীয়াই ধুবুৰী-পাতামাৰি পথ তথা মথাউৰীলৈ ভাবুকি অনা বুলি জলসম্পদ বিভাগৰ ধুবুৰী জিলাৰ কাৰ্যবাহী অভিযন্তাৰ পৰা খবৰ পোৱাৰ পাছতে তাৎক্ষণিকভাৱে তেওঁ খহনীয়া পৰিদৰ্শন কৰে ৷
উপায়ুক্তৰ পৰিদৰ্শনত ধৰা পৰে যে ব্ৰহ্মপুত্ৰৰ ওপৰত ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰীৰ মাজত দলং নিৰ্মাণ কৰি থকা ঠিকাদাৰী প্ৰতিষ্ঠান ‘এল এণ্ড টি’ৰ কামৰ বাবেই ঠাইখিনিত খহনীয়া হৈছে ৷
ব্ৰহ্মপুত্ৰৰ এটা সুঁতিৰ ওপৰত ‘এল এণ্ড টি’ কোম্পানীয়ে এটা সংযোগী পথ নিৰ্মাণ কৰিছে৷ ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িবলৈ লোৱাত সুঁতিটোৰে বৈ অহা পানী সংযোগী পথটোত বাধাপ্ৰাপ্ত হৈ উভটি গৈ মতিৰচৰত খুন্দা মৰাত খহনীয়াৰ সৃষ্টি হৈছে ৷
বিগত বৰ্ষতো ঠাইখিনিত খহনীয়া হৈছিল যদিও জলসম্পদ বিভাগে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু শেহতীয়াকৈ ‘এল এণ্ড টি ‘কোম্পানীয়ে সংযোগী পথটো নিৰ্মাণ কৰাত এইবাৰ পুনৰ খহনীয়া আৰম্ভ হৈছে ৷
খহনীয়া হৈ থকা স্থানৰ পৰা মাত্ৰ পাঁচ মিটাৰ দূৰত্বত থকা ধুবুৰী-পাতামাৰী পথ তথা মথাউৰিটোলৈ হঠাৎ পুনৰ ভাবুকি আহি পৰিছে৷ আজি খহনীয়া পৰিদৰ্শন কৰি উপায়ুক্তই ‘এল এণ্ড টি’ কোম্পানী আৰু ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাথনি উন্নয়ণ নিগম(এন এইচ আই ডি চি এল)ক খহনীয়া নিয়ন্ত্ৰণৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷