পাচলিৰ দোকান দি উপাৰ্জনৰ পথ উলিওৱা কটন বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰী চয়নিকা সভাপণ্ডিতৰ বাসগৃহত মন্ত্ৰী অজন্তা নেওগ

মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ ৫০ হেজাৰ টকাৰ চেক প্ৰদান

WhatsApp Image 2021 06 14 at 5.57.08 PM 1

আজি বিত্তমন্ত্ৰী অজন্তা নেওগে গোলাঘাটৰ পাঁচ আলিৰ সমীপৰ ১২ নং ৱাৰ্ডৰ বাসিন্দা চয়নিকা সভাপণ্ডিতৰ বাসগৃহত উপস্থিত হৈ মেধাৱী ছাত্ৰীগৰাকীক সৌহাদ্যমূলকভাৱে সাক্ষাৎ কৰে ।

আৰ্থিক সংকটৰ বাবে শাক-পাচলিৰ দোকান দিয়া ছাত্ৰীগৰাকীক কিছু সকাহ দিয়াৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আগবঢ়োৱা ৫০হেজাৰ টকাৰ চেকো প্ৰদান কৰে ।

চেক প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এইয়া সামান্য আশীৰ্বাদহে । ছাত্ৰীগৰাকীৰ অভাৱসমূহ সমূলঞ্চে দূৰ নহ’লেও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই মৰম আৰু আশীৰ্বাদে কিছু হ’লেও সকাহ দিব বুলি তেওঁ আশা প্ৰকাশ কৰে । তেওঁ ছাত্ৰীগৰাকীৰ উজ্জল ভৱিষ্যৎ কামনা কৰাৰ লগতে এনে প্ৰয়াসৰ শলাগ লয় ।

মন্ত্ৰীগৰাকীৰ স’তে উপস্থিত আছিল সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন । উল্লেখযোগ্য যে কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীগৰাকী মেধাৱী হোৱাৰ লগতে এগৰাকী সু-গায়িকাও । এখন অপ্ৰাদেশীকৃত মহাবিদ্যালয়ত চাকৰি কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া পিতৃক সহায় কৰাৰ উদ্দেশ্যে ছাত্ৰীগৰাকীয়ে ক’ভিড পৰিস্থিতিৰ মাজতে ঘৰৰ সন্মুখতে শাক-পাচলিৰ দোকান আৰম্ভ কৰে ।

Exit mobile version