প্রসাদ খালেই আঁতৰিব ভাইৰাছ, কৰ’না মাতাৰ মন্দিৰত ভিৰ ভক্তৰ

coronamata

এটা নতুন মন্দিৰক লৈ উত্তৰ প্রদেশৰ প্ৰতাপগড়ৰ শুক্লাপুৰ গাঁৱৰ বাসিন্দাসকলৰ মাজত সম্প্রতি যথেষ্ট উৎসাহ-উদ্দীপনা প্রত্যক্ষ হৈছে। এই মন্দিৰত পূজা-অর্চনা কৰিলেই আঁতৰ হ’ব মাৰাত্মক কৰ’না ভাইৰাছ।

কৰ’নামাতাৰ নামত এই মন্দিৰটো অলপতে এজোপা নিম গছৰ তলত স্থানীয় বাসিন্দাই প্রতিষ্ঠা কৰিছিল। গাঁওবাসীৰ বিশ্বাস অনুসৰি, কৰ’নামাতাৰ মন্দিৰত পূজা-অর্চনা কৰিলে আৰু এই মন্দিৰৰ প্ৰসাদ গ্রহণ কৰিলে সেই ব্যক্তিৰ কেতিয়াও কৰ’না নহয়। মন্দিৰত আছে বগা মাস্ক পৰিহিত মূৰ্তি ।

স্থানীয় বাসিন্দাই এই মন্দিৰত নিয়মীয়াভাৱে পূজা-অর্চনা কৰি আহিছে। এইসকল ভক্তৰ মতে, কৰ’নামাতা মন্দিৰত দেৱীৰ সন্মুখত প্রার্থনা কৰিলে, পূজা অর্পণ কৰিলে কৰ’না আক্রান্তও সুস্থ হৈ উঠে।

প্রতিদিনে যথেষ্টসংখ্যক লােকে এই নতুন মন্দিৰত পূজা-অর্চনাৰ বাবে ভিৰ কৰি আহিছে। উল্লেখ্য যে উত্তৰ প্ৰদেশতে প্রথম নহয়, পূর্বে তামিলনাডুৰ কয়ম্বটুৰ আৰু কৰ্ণাটকৰ মধুবনহাল্লিত কৰ’নামাতাৰ মন্দিৰ স্থাপন কৰা হৈছিল।

Exit mobile version