মিনিটতে দুই কোটিৰ পৰা ১৮ কোটিঃ ৰাম মন্দিৰ ন্যাসৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ অভিযোগ

pro

উত্তৰপ্ৰদেশৰ দুটা বিৰোধী দলে দেওবাৰে বিগত বৰ্ষত কেন্দ্ৰ‌ই গঠন কৰা ৰাম মন্দিৰ ন্যাসৰ বিৰুদ্ধে ভূমি ক্ৰয়ৰ নামত দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

সমাজবাদী পাৰ্টী (এছপি) আৰু আম আদমি পাৰ্টী (এএপি)য়ে চলিত বৰ্ষৰ মাৰ্চত লেনদেন কৰাৰ দাবী কৰিছে । অভিযোগ অনুসৰি, এই কাৰ্যৰ স’তে দুটা ৰিয়েল ইষ্টেট ব্যৱসায়ী জড়িত হৈ আছে, যিয়ে কোনো লোকৰ পৰা দুই কোটি টকাত সম্পত্তি ক্ৰয় কৰি মিনিটৰ ভিতৰতে ন্যাসক ১৮.৫ কোটি টকাত বিক্ৰী কৰিছে । মন্দিৰৰ ন্যাসে এই অভিযোগক অযুক্তিকৰ বুলি খাৰিজ কৰিছে ।

এই অভিযোগবোৰ তাৎপৰ্যপূৰ্ণ কাৰণ, অযোধ‌্যাৰ ৰাম মন্দিৰ উত্তৰপ্ৰদেশৰ এটা আবেগিক বিষয় আৰু আগন্তুক বৰ্ষত ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হ’ব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে ২০২০ৰ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত মন্দিৰ নিৰ্মাণৰ তদাৰকী আৰু পৰিচালনা কৰিবৰ বাবে শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাস গঠন কৰিছিল । ৰায় অনুযায়ী মন্দিৰখনৰ বাবে প্ৰায় ৭০ একৰ ভূমি ভূষিত কৰা হয় আৰু ন্যাসৰ ১৫ জন সদস্যৰ ১২ জনেই কেন্দ্ৰ‌ই মনোনীত কৰা ।

সমাজবাদী পাৰ্টীৰ প্ৰাক্তন বিধায়ক আৰু উত্তৰপ্ৰদেশৰ মন্ত্ৰী পৱন পাণ্ডেয়ে দেওবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰি স্থানীয় বিজেপি নেতা আৰু ন্যাসৰ কেইজনমান সদ্য‌ই মিলি ভূমিৰ জালিয়াতি কৰাৰ অভিযোগ উত্থাপন কৰে ।

তেওঁ কিছুমান দস্তাবেজ দেখুৱাই যিয়ে একপ্ৰকাৰে প্ৰমাণিত কৰে যে, ৰাম জন্মভূমি ছাইটৰ কাষত স্থিত এক সম্পত্তিৰ বহুগুণ মাৰ্কআপত বিক্ৰী কৰা হৈছে । মন্ত্ৰী পাণ্ডে দাবী কৰে যে, দস্তাবেজটো দুয়ো পক্ষৰ লেনদেনৰ ষ্টেম্প ডিউটী পেপাৰ হয়, ইয়াৰ সাক্ষী অযোধ্যাৰ মেয়ৰ আৰু ন্যাসৰ এজন স্থানীয় সদস্য ।

মন্ত্ৰীজনে কয়, ‘এই সম্পত্তিত সোণ আছে নেকি যে ইয়াৰ মূল্য মিনিটৰ ভিতৰতে দুই কোটি টকাৰ পৰা ১৮ কোটি টকা হৈ গ’ল ? অৰ্থাৎ ১৬.৫ কোটি টকাৰ লুণ্ঠন হৈছে । ইয়াৰ চিবিআই তদন্ত হ’ব লাগে ।’

তেওঁ লগতে কয়, ‘কোটি কোটি লোকে ৰাম মন্দিৰ ন্যাসক অনুদান দিছে । তেওঁলোকে অনুদানৰ বাবে নিজৰ সঞ্চিত ধন ব্যয় কৰিছে । যদি আপোনালোকে তেওঁলোকৰ ধনেৰে এইয়াই কৰে, তেন্তে এইটো দেশৰ ১২০ কোটি লোকৰ অপমান হ’ব ।’

অন্য এক সংবাদ মেলত একেধৰণৰে অভিযোগ উত্থাপন কৰে এএপিৰ নেতা আৰু ৰাজ্যসভাৰ সদন সঞ্জয় সিঙে । তেওঁ কয়, ‘কোনো কল্পনাই কৰিব পৰা নাছিল যে ভগৱানৰ নামতো দুৰ্নীতি হ’ব । কিন্তু এই দস্তাবেজবোৰত দেখা যায় যে কোটি কোটি টকা আত্মসাৎ কৰা হৈছে ।’

এই সন্দৰ্ভত বিশ্ব হিন্দু পৰিষদৰ নেতা তথা শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ সচিব চম্পত ৰায়ে কয়, ‘এক শতাব্দীধৰি এনে ধৰণৰ অভিযোগ কৰা হৈছে । কোনো কোনোৱে মহাত্মা গান্ধীৰ হত্যাৰ বাবেই আমাক দোষাৰোপ কৰিছে । আমি এই ধনৰ অভিযোগক লৈ উদ্বিগ্ন নহ‌ওঁ । আপোনালোকেও নহ’ব ।’

নেতা ৰায়ে নিশা টুইটত কয় যে, অভিযোগবোৰ “ৰাজনীতিৰ দ্বাৰা প্ৰভাৱিত আৰু বিভ্ৰান্ত কৰা হৈছে” ।

নেতা ৰায়ে উল্লেখ কৰে যে, উত্তৰপ্ৰদেশ চৰকাৰে বিকাশ কৰিবৰ বাবে অযোধ্যাৰ ভূমি অধিগ্ৰহণ কৰি আছে, সেয়ে চহৰৰ সম্পত্তিৰ মূল্য বৃদ্ধি হৈছে । বিবৃতি অনুসৰি, ‘প্ৰশ্ন উত্থাপন কৰা বিশেষ সম্পত্তিটো অযোধ্যা ৰেলৱে ষ্টেচনৰ কাষত অৱস্থিত ।’

তেওঁ দাবী কৰে যে, মন্দিৰ ন্যাসৰ সকলো লেনদেন অনলাইন আৰু স্বচ্ছ আৰু দুয়ো পক্ষৰ পূৰ্বৰ অনুমতি অনুসৰি কৰা হৈছে ।

Exit mobile version