মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত আজি ছিপাঝাৰৰ ধলপুৰলৈ যাব উচ্চ পৰ্যায়ৰ দল

himanta biswa sarma

দ্ৰুতগতিত আগবাঢ়িছে ছিপাঝাৰ সমষ্টিৰ চৰ অঞ্চলৰ ৭৭ হেজাৰ বিঘা ভূমিত কৃষি সম্ভাৱনীয়তাৰ সম্পৰ্কীয় কাম । দেওবাৰে নিশা অসম সচিবালয়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ছিপাঝাৰ সমষ্টিৰ গৰুখুটিৰ বেদখলমুক্ত চৰকাৰী ভূমি পৰিচালনা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভাৰ পাছত আজি গুৱাহাটীৰ পৰা চৰকাৰী সমিতিৰ এটা দল ৰাওনা হ’ব অঞ্চলটোলৈ ৷

দেওবাৰে দিছপুৰত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাত ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীৰ উপৰিও সাংসদ দিলীপ শইকীয়া, বিধায়ক পদ্ম হাজৰিকা, বিধায়ক মৃণাল শইকীয়াই অংশ লৈছিল ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ধলপুৰ অঞ্চলটো ভ্ৰমণ কৰিছিল । বৃহত্তৰ চৰ অঞ্চলটোত চৰকাৰীভাৱে কৃষি কাৰ্য সম্পন্ন কৰাৰ ব্যৱস্থা গ্ৰহণৰ বাবে কেবিনেট বৈঠকত বিধায়ক পদ্ম হাজৰিকাক অধ্যক্ষৰূপে আৰু কৃষি সঞ্চালক বিনোদ চেছানক সদস্যসচিব ৰূপে লৈ এখন সমিতি গঠন কৰি দিছিল। এই সমিতিত সদস্য ৰূপে আছে সাংসদ দিলীপ শইকীয়া আৰু বিধায়কদ্বয় ড০ পৰমানন্দ ৰাজবংশী আৰু মৃণাল শইকীয়া ।

দুদিন পূৰ্বে চৰ অঞ্চলটোত ক্ষেত্ৰ অধ্যয়নৰ বাবে উপস্থিত হৈছিল জ্যেষ্ঠ কৃষি বিজ্ঞানীৰ ২০ জনীয়া দল । অঞ্চলটোৰ ৭৭ হেজাৰ বিঘা ভূমিত কৃষি, মৎস্যপালন, উদ্যান, শস্য, পশুপালন আদিৰ সম্ভাৱনীয়তাৰ বিষয়ে অধ্যয়নৰ বাবে শুকুৰবাৰে ধলপুৰলৈ গৈছিল কৃষি বিজ্ঞানীৰ দলটো । আজি পুনৰ চৰকাৰী সমিতিৰ দলে এই অঞ্চলটো ভ্ৰমণ কৰিব।

Exit mobile version