লছ এঞ্জেলছৰ পৰা আটলাণ্টালৈ যোৱা এখন ডেল্টা বিমানে মধ্য আকাশতে এজন যাত্ৰীৰ স’তে দুজন বিমান কৰ্মী আৰু সহযাত্ৰীৰ মাজত হোৱা সংঘাতৰ বাবে অক্লাহ’মাত জৰুৰী অৱতৰণ কৰে । যাত্ৰীজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ।
ঘটনাটো শুকুৰবাৰে স্থানীয় সময় অনুসৰি গভীৰ নিশা সংঘটিত হৈছিল । হঠাতে, এজন যাত্ৰীয়ে দুজন বিমান সেৱকক আক্ৰমণ কৰে । তেওঁক বাধা দিবলৈ বাৰে বাৰে ভাবুকি দিয়া হয়, “বিমান নমাই দিম !” মধ্য আকাশত থকা বিমানখনৰ পাইলটজনে আন যাত্ৰীসকলৰ সহায় বিচাৰি বাৰ্তা প্ৰেৰণ কৰে । তেতিয়াই কেইজনমান যাত্ৰী আগবাঢ়ি আহে । তেওঁলোক সকলোৱে অবাধ্য যাত্ৰীজনক বন্দী কৰে ।
ইফালে পাইলটজনে বিমানখনক অক্লাহ’মা চিটি বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিবলৈ বাধ্য হয় । আৰক্ষীয়ে সন্দেহযুক্ত যাত্ৰীজনক গ্ৰেপ্তাৰ কৰে আৰু তেওঁক জিম্মাত লৈছিল । কিছু শাৰীৰিক অসুবিধাৰ বিষয়ে অৱগত হোৱাৰ পাছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
আৰক্ষীৰ এটা সূত্ৰই দাবী কৰে যে যাত্ৰীজনৰ কিছু মানসিক সমস্যা আছে । তেওঁ সেই এয়াৰলাইনৰে ছুটিত থকা কৰ্মী । তেওঁৰ বয়স ২০ বছৰৰ আশে-পাশে । অৱশ্যে সমগ্ৰ ঘটনাটোত বিমানত থকা কোনো যাত্ৰী আঘাতপ্ৰাপ্ত নহয় ।