সোণতলীত ধানৰ সলনি পতান দেখি হাহাকাৰ কৃষকৰ, নিৰুপায় কৃষকৰ প্ৰতিবাদ কৃষি বিভাগৰ বিৰুদ্ধে

দক্ষিণ কামৰূপৰ সোণতলীত ধান খেতিৰ মাজত প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষকে ৷ ক্ষতিপূৰণৰ বাবে কৃষি বিভাগৰ বিৰুদ্ধে হাতে হাতে পতান ধান লৈ প্ৰতিবাদ কৃষকৰ ৷

উল্লেখ্য যে কৰ’না মহামাৰীয়ে বিপদাপন্ন কৰা খেতিয়কসকলক ৰাজ্যৰ কৃষি বিভাগে নিম্নমানৰ ধানৰ বীজ যোগান ধৰি ৰাম ঠগন দিছে । দুবেলা দুমুঠি খাবৰ বাবে বিঘায় বিঘায় ধান খেতি‌ কৰিছিল । কিন্তু ধানৰ সলনি পতান দেখি মূৰে কপালে হাত দিছে কৃষকে ।

ৰাজ্যৰ কৃষি বিভাগে নিম্নমানৰ ধানৰ বীজ যোগান ধৰাৰ ফলত কৃষকসকলে এতিয়া মূৰে কপালে হাত দিব লগা হৈছে ।

তেনে সময়ত নিৰূপায় কৃষকে সোণতলীৰ জাওঁকাটা দিয়াত চৰকাৰ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰিলে ৷ কৃষকসকলে ধান খেতিৰ মাজত কৃষি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাবস্ত্য কৰি ক্ষতিপূৰণৰ দাবী জনায় ।

Exit mobile version