জন্মদিনত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা বাৰ্তা পালে অভিনেত্ৰী কিৰণ খেৰে

সোমাবাৰে ৬৯ বছৰত ভৰি দিলে অভিনেত্ৰীৰ লগতে ৰাজনীতিবিদ কিৰণ খেৰ ।জন্মদিনত ভিডি’অ কৰি অনুৰাগীসকলক ধন্যবাদ জনালে অভিনেত্ৰীগৰাকীয়ে ।

ADVERTISEMENT

অভিনেতা অনুপম খেৰেও তেওঁৰ পত্নীৰ একাধিক ফটো দি ভৰাই তুলিছে তেওঁৰ ইনষ্টাগ্ৰাম প্ৰ’ফাইল । কিন্তু এই ছবি আৰু ভিডিঅ’বোৰৰ ভিতৰত এখন বিশেষ ছবি আছে অভিনেত্ৰীগৰাকীৰ ইনষ্টাগ্ৰামত ।

অভিনেত্ৰীগৰাকীলৈ প্ৰেৰণ কৰা দেশৰ প্ৰধানমন্ত্ৰীৰ পত্ৰৰ এখন ফটো প’ষ্ট কৰিছিল কিৰণে।অভিনেত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জনাইছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

পত্ৰখনত লিখা আছে, ‘জন্মদিনত আপোনাক আন্তৰিক শুভেচ্ছা জনাইছো।আপোনাৰ দীৰ্ঘ আয়ু আৰু সুস্বাস্থ্যৰ কামনা কৰি।ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো , তেওঁ সদায় আপোনাক সুৰক্ষা কৰিব। আপোনাৰ সমাজ সেৱা অব্যাহত থাকক।

অভিজ্ঞতা আৰু নেতৃত্বৰ সহায়ত এই দেশখনক অধিক উচ্চতালৈ লৈ যাওক। মই আপোনাৰ জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি কামনা কৰি আপোনাক পুনৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ,’তলত লিখা আছে, ‘আপোনাৰ নৰেন্দ্ৰ মোডী। ‘

পত্ৰখনৰ এখন ফটো প’ষ্ট কৰি কিৰণে লিখিছে, ” জন্মদিনৰ আপোনাৰ আন্তৰিক শুভেচ্ছাৰ বাবে অশেষ ধন্যবাদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীজী । মই কৃতজ্ঞ। ‘

কিন্তু এই ছবিখন প’ষ্ট কৰাৰ পাছতেই সামাজিক মাধ্যমত আক্ৰমণৰ চিকাৰ হৈছে প্ৰবীণ অভিনেত্ৰীগৰাকী । তেওঁক প্ৰধানমন্ত্ৰীৰ ‘চেলা’ৰ পৰা আৰম্ভ কৰি ‘নাটক’ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

অধিকাংশ লোকেই পোনপটীয়াকৈ তেওঁৰ প’ষ্টৰ কমেণ্ট বক্সত প্ৰশ্ন কৰিছে, ‘জন্মদিনত আপোনাক চিঠি লিখিবলৈ সময় পাইছে দেশৰ প্ৰধানমন্ত্ৰীয়ে , কিন্তু কৃষকসকললৈ ঘূৰিও চোৱা নাই। ‘কোনোৱে ক’ভিডত মৃতসকলৰ স্মৃতিত লিখিছে, ‘এই চৰকাৰে সমগ্ৰ দেশক শ্মশানত পৰিণত কৰিছে। ‘

Exit mobile version